NORTHEAST NOW (Assamese)
অসম

প্ৰধানমন্ত্ৰী মোদীৰ অসম সম্পৰ্কীয় জ্ঞানৰ নমুনা: লাচিত বৰফুকনক সজালে ভাৰতৰ স্বাধীনতা সংগ্ৰামী!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 13, 2021 2:58 pm
A narendra-mo

নিৰ্বাচনৰ সময়ত বাৰে বাৰে অসমৰ কথা মনত পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম সম্পৰ্কে থকা জ্ঞানৰ নমুনা পুনৰ বাৰ পোৱা গ’ল।

অসমৰ সমাজ জীৱনৰ সৈতে জৰিত হৈ থকা এটা নাম হৈছে লাচিত বৰফুকন।

আহোমৰ সেনাপতি লাচিত বৰফুকনৰ কথা ভালদৰে নজনাকৈয়ে মোদীয়ে লাচিতৰ বিষয়ে দিয়া ভাষণে এতিয়া প্ৰধানমন্ত্ৰী গৰাকী অসম সম্পৰ্কে কিমান আগ্ৰহী সেই কথাই প্ৰমাণ কৰিছে।

১৬৭১ চনত পৰম সাহসেৰে যুঁজি মোগলক অসমৰ পৰা খেদি পঠিওৱা বীৰ লাচিত বৰফুকনক মোদীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামী বুলি কোৱাৰ পিছতে এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কালি আহমেদাবাদৰ সৱৰমতী আশ্ৰমৰ পৰা ‘পদ যাত্ৰা’কাৰ্যসূচী উদ্বোধন কৰি মোদীয়ে স্বাধীনতা সংগ্ৰামত সাহসেৰে জঁপিয়াই পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰে।

‘আজাদী কী অমৃত মহোৎসৱ’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মোদীয়ে ভাষণত কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গোমধৰ কোঁৱৰ,লাচিত বৰফুকনৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে দেশ স্বাধীন কৰাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াই গৈছে।

লাচিত বৰফুকনক স্বাধীনতা সংগ্ৰামী বুলি কোৱা কথাই অসম সম্পৰ্কে যে মোদীৰ জ্ঞান তেনেই সীমিত সেই কথাই প্ৰমাণ কৰিছে।

উল্লেখ্য অসমৰ ইতিহাসক আজিও ভালদৰে বাহিৰত উপস্থাপন কৰাত চৰকাৰ তথা সংশ্লিষ্ট ব্যক্তিসকল বিফল হৈছে।

সেইবাবেই অসমৰ ইতিহাস সম্পৰ্কে বাহিৰৰ লোকৰ এতিয়া বিশেষ কোনো স্পষ্ট ধাৰণা গঢ় লৈ উঠা নাই বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব।

কিন্তু প্ৰধানমন্ত্ৰীৰ দৰে ব্যক্তি এগৰাকীয়ে ভাষণত কবলগীয়া কথাৰ কোনো সত্যাসত্য বিচাৰ নকৰি  তেনে কথা ৰাজহুৱা কৰাৰ  বিষয়টোৱে সকলোকে স্তম্ভিত কৰি তুলিছে।

লাচিত বৰফুকন সম্দৰ্ভত দিয়া ভুল তথ্য শুধৰণি কৰাৰ বাবেও এতিয়া মোদীক  বহুতে দাবী জনাইছে।

তাৎপৰ্যপূৰ্ণ  কথাটো হ’ল অসমৰ ইতিহাস বিকৃত কৰা মোদীৰ এনে মন্তব্যৰ বিৰুদ্ধে  প্ৰতিবাদৰ নামত টু শব্দ এটাও উচ্চাৰণ কৰা নাই জাতীয় দল-সংগঠন সমূহে।