NORTHEAST NOW (Assamese)
Popular Stories

এয়েৰটেল গ্ৰাহকলৈ ৩০ জিবি বিনামূলীয়া ৪জি ডেটা; জিঅ’ৰ দৰে ভ’ল্ট নে’টৱৰ্ক আৰম্ভ কৰিব অসমত

Posted by: এন ই নাও নিউজ March 21, 2018 5:55 pm
airtel-unlimited-calls-free-4g-data-offers in assam

এয়েৰটেলে অসমত শীঘ্ৰেই আৰম্ভ কৰিব ভ’ল্ট (VoLTE) ৪জি সেৱা। ইয়াৰ বাবে কোম্পানিটোৱে অসমত ইতিমধ্যে আৰম্ভ কৰিছে পৰীক্ষামূলক সেৱা। পৰীক্ষামূলক সেৱা গ্ৰহণ কৰিব খোজা গ্ৰাহকক বিনামূলীয়াকৈ আগবঢ়োৱা হৈছে ৩০ জিবি ডেটা।

পৰীক্ষামূলক সেৱা গ্ৰহণ কৰি সেৱাৰ মান সম্পৰ্কে কোম্পানিটোৰ সৈতে নিজৰ নিজৰ মত বিনিময় কৰিবলৈ অনুৰোধ কৰি কোম্পানিটোৰ পৰা ইতিমধ্যে অসমৰ এয়েৰটেল গ্ৰাহকে মেচেজ পাইছে বুলি জানিব পৰা গৈছে।

কোম্পানিটোৱে গ্ৰাহকলৈ পঠোৱা ৱে’ব লিংকটো ক্লিক কৰি নিজৰ ম’বাইলৰ ছফটৱেৰ আপডে’ট কৰি ভ’ল্ট সেৱাৰ সুবিধা ল’ব পাৰিব বুলি জনোৱা হৈছে।

জিঅ’ৰ পিছতে ভ’ল্ট নেটৱৰ্ক সেৱা আগবঢ়োৱা এয়েৰটেল হ’ল দ্বিতীয়টো কোম্পানি। পূৰ্বে এয়েৰটেলৰ ৪জি সেৱা আছিল কিন্তু জিঅ’ৰ দৰে ভ’ল্ট নেটৱৰ্ক নাছিল। আনহাতে জিঅ’ৰ ২জি/ ৩জি সেৱা নথকাৰ বিপৰীতে এয়েৰটেলৰ এই দুয়োটা সেৱাই আছে।

হিন্দুস্তান টাইমছৰ বাতৰি অনুসৰি ১০০ টাতকৈও অধিক স্মাৰ্টফ’নে এয়েৰটেলৰ এই নেটৱৰ্কত কাম কৰিব বুলি কোম্পানিটোৱে জনাইছে।

মহাৰাষ্ট্ৰ, গোৱা, মধ্য প্ৰদেশ, চত্তিশগড়, গুজৰাট, তামিলনাডু, কৰ্নাটক আৰু ক’লকাতাত ইতিমধ্যে কোম্পানিটোৱে ইয়াৰ ৪জি ভ’ল্ট সেৱা আৰম্ভ কৰিছে।

এতিয়ালৈকে ভাৰতৰ সৰ্ববৃহৎ নেটৱৰ্ক এয়েৰটেলে গোটেই দেশজুৰি ৪জি সেৱা আগবঢ়াই আহিছে।