NORTHEAST NOW (Assamese)
অসম

বৰ্মন কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন: উদুলি-মুদুলি তামুলপুৰৰ ঢেকীয়াবস্তি

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক March 13, 2021 3:33 pm
a gas

বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ আজি দ্বিতীয়টো দিন।

অধিৱেশন উপলক্ষ্যে উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে তামুলপুৰৰ কুমাৰীকাটাৰ ঢেকীয়াবস্তিত।

অসমৰ প্ৰতিখন জিলাৰ বিষয়-ববীয়াৰ উপস্থিতিত আজি দ্বিতীয় দিনাৰ পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বৰ্মন কছাৰী সাহিত্য সভাৰ সভাপতি অনিমেশ বৰ্মনে।

ইয়াৰ পিছতে শ্বহীদ তৰ্পন কৰে বৰ্মন কছাৰী সাহিত্য সভাৰ উপ সভাপতি নৰেশ্বৰ বৰ্মনে।

বৰ্মন কছাৰী সকলৰ হেৰুৱাই যাবলৈ ধৰা কৃষ্টি-সংস্কৃতি-ভাষা পুনৰ উজ্জীৱিত কৰাৰ উদ্দেশ্যৰে প্ৰথম বাৰৰ বাবে তামুলপুৰৰ কুমাৰীকাটাত অনুষ্ঠিত হৈছে এই অধিৱেশন।

কাইলৈ কেন্দ্ৰীয় সাহিত্য সভাৰ মুকলি অধিৱেশনত উপস্থিত থাকিব BTR ৰ প্ৰধান প্ৰমোদ বড়ো, সাংসদ বিশ্বজিৎ দৈমাৰী সহ BTRৰ ডিপুটি চীফ গোবিন্দ বসুমতাৰী প্ৰমুখ্যে অসম সাহিত্য সভাৰ কেইবাজনো শীৰ্ষ ব্যক্তি।