NORTHEAST NOW (Assamese)
অসম

আক্ৰমণাত্মক গৌৰৱ গগৈ: আমেৰিকান কংগ্ৰেছক সম্বোধন কৰা মোদীয়ে সংসদত মণিপুৰৰ কথা ক’ব নোৱাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 24, 2023 6:29 pm
Manipur

হিংসাজৰ্জৰ মণিপুৰত অধিক অৱনতি ঘটিছে পৰিস্থিতিৰ। মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে মণিপুৰ। কিন্তু ইয়াৰ পিছতো মণিপুৰ সন্দৰ্ভত বিশদ আলোচনাৰ বাবে আগবাঢ়ি অহা নাই শাসকীয় বিজেপি। মণিপুৰ সন্দৰ্ভত প্ৰায় নিশ্চুপ হৈ আছে প্ৰধানমন্ত্ৰী মোদীও।

কেৱল মাত্ৰ শেহতীয়াকৈ পোহৰলৈ অহা ৰাজ্যখনত সংঘটিত নৃশংস নাৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভতহে মোদীয়ে প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। মোদীৰ এই মৌনতাক লৈ ধাৰাবাহিক আক্ৰমণ চলাই আহিছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ।

এইবাৰ মোদী আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিল কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ। মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ মোদীক তীব্ৰ আক্ৰমণ কৰি গগৈয়ে প্ৰধানমন্ত্ৰী আৰু বিজেপিয়ে মণিপুৰ সংকটক সাধাৰণ আইন-শৃংখলাৰ বিষয় হিচাপে গণ্য কৰিছে বুলি মন্তব্য কৰে।

সাংসদ গৌৰৱ গগৈয়ে কয়, “ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকান কংগ্ৰেছক সম্বোধন কৰিব পাৰে, কিন্তু তেওঁ আমাৰ জাতিৰ সংসদৰ ভিতৰত কথা ক’ব নোৱাৰে। মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনক সাৱটি ধৰিব পাৰে, কিন্তু মণিপুৰৰ হিংসাৰ বলি হোৱা লোকসকলক সাৱটিবলৈ তেওঁ অস্বীকাৰ কৰে।”

উল্লেখ্য যে, বিৰোধী দলসমূহে মণিপুৰৰ উদ্বেগজনক পৰিস্থিতিৰ ওপৰত আলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে। সংসদৰ ভিতৰত মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ দাবীও কৰিছে বিৰোধী দলসমূহে। কিন্তু বিৰোধীৰ এই দাবীৰ প্ৰতি কোনো সঁহাৰি নাই মোদী তথা চৰকাৰৰ।

অগ্নিগৰ্ভৰ মণিপুৰৰ সন্দৰ্ভত মোদী তথা কেন্দ্ৰীয় চৰকাৰৰ এই নিৰৱতাৰ বিৰুদ্ধাচৰণ কৰি তথা মণিপুৰ সন্দৰ্ভত আলোচনাৰ দাবীৰে আজি সংসদৰ কাৰ্যকলাপ স্থবিৰ কৰি তোলে বিৰোধীয়ে। বিৰোধীৰ এই প্ৰতিবাদ বিফল কৰাৰ মানসেৰে আনকি মোদীৰ নেতৃত্বত চৰকাৰী পক্ষই আজি এক বৈঠকো আহ্বান কৰিব লগা হয়।