NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰপ্ৰদেশ : মন্দিৰত পানী খাবলৈ যোৱাৰ বাবেই প্ৰহাৰ এজন মুছলিম ল’ৰাক, আটক এজন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 13, 2021 4:58 pm

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ গাজীয়াবাদত এজন লোকক আটক কৰা হৈছে।

ভিডিঅ’টোত দেখা গৈছিল যে এটা মন্দিৰলৈ পানী খাবলৈ যোৱা এজন ল’ৰাক এজন লোকে নাম সুধিছে আৰু তাৰপাছতে ল’ৰাজনক অমানৱীয় আচৰণ আৰু সন্মানহানি কৰিছে।

তদুপৰি ভীতিগ্ৰস্ত ল’ৰাজনক প্ৰহাৰ কৰাও দেখা গৈছে।

ল’ৰাজন মুছলিম ধৰ্মাৱলম্বী হোৱাৰ বাবেই এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সম্মুখীন হয়।

ভিডিঅ’ক্লিপটোৰ ভিত্তিত পঞ্জীয়ন হোৱা এখন এজাহাৰৰ ভিত্তিত লোকজনক আটক কৰা হৈছে।

লোকজনৰ নাম শৃংগী নন্দন যাদৱ বুলি জানিব পৰা গৈছে।

যাদৱৰ ঘৰ বিহাৰৰ ভগলপুৰত বুলি আৰক্ষীয়ে জনাইছে।

ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই আছে।