NORTHEAST NOW (Assamese)
Popular Stories

কলিতাসকলৰ বাবে বিধানসভাত ৪৫খন আসন, চৰকাৰী চাকৰিত ৫০ শতাংশ সংৰক্ষণৰ দাবী

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ December 28, 2019 10:57 pm

কলিতা সম্প্ৰদায়ৰ ৰাজনৈতিক অধিকাৰৰ বাবে বিধানসভাত ৪৫খন আসন, লোকসভাত ৪খন আসন আৰু ৰাজ্যসভাত ৩খন আসন সংৰক্ষণৰ দাবী তুলিছে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই।

অসম চৰকাৰলৈ দিয়া এখন পত্ৰত সংগঠনটোৰ সভাপতি অনুপল দত্ত পাঠকে কয়, ‘আমাৰ ৰাজনৈতিক অধিকাৰৰ বাবে, আমি বিধানসভাত ৪৫খন আসন, লোকসভাত ৪খন আসন আৰু ৰাজ্যসভাত ৩খন আসন সংৰক্ষণৰ দাবী জনাইছো।‘

‘১৯৮৮ চনৰ পৰাই আমি অনুসূচিত জনজাতী মৰ্যাদাৰ দাবী জনাই আহিছো, কিন্তু চৰকাৰসমূহে আমাৰ দাবীক উপেক্ষা কৰি আহিছে।‘ তেওঁ লগতে কয়।

পত্ৰখনত সংগঠনটোৱে কলিতা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বানিকান্ত কাকতিৰ নামত জলপানী দিয়াৰ দাবী জনায়। ‘কলিতা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উচ্চ শিক্ষিত যদিও তেওঁলোকে এতিয়ালৈকে কোনো চৰকাৰী জলপানী লাভ কৰা নাই‘-পত্ৰত প্ৰকাশ।

সাধাৰণ শ্ৰেণীত পৰাৰ বাবে কলিতা ছাত্ৰ-ছাত্ৰীসকল যোগ-যোগ ধৰি চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আহিছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘সেয়ে আমি কলিতা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক পৃথক জলপানী আঁচনি হোৱাটো বিচাৰো।‘

উক্ত পত্ৰত সংগঠনটোৱে কলিতা সম্প্ৰদায়ৰ কাৰণে অহা ৫ বছৰত সকলো চৰকাৰী চাকৰিত ৫০ শতাংশ সংৰক্ষণৰ দাবী তোলে।

ইয়াৰ উপৰি সংগঠনটোৱে UPSC আৰু APSCত কলিতা সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ বাবে কমেও ২খন আসন সংৰক্ষণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত ৪০ শতাংশ আসন সংৰক্ষণৰ দাবী জনায়।

উক্ত দাবী সমূহৰ উপৰি ৰাজ্য চৰকাৰৰ বিভিন্ন চাকৰিত ক্ষেত্ৰত বৰ্তমানে থকা বয়সৰ উৰ্ধতম সীমা ৩৮ বছৰৰ পৰা ৭ বছৰলৈ বঢ়াই দিবলৈ আহ্বান জনাই সভাপতি গৰাকীয়ে।

পাঠকে লগতে কয় যে চৰকাৰে কলিতা সম্প্ৰদায়ৰ ইতিহাস ৰাজ্যৰ চৰকাৰৰ অধীনস্থ মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা উচিত।