NORTHEAST NOW (Assamese)
অসম

অসমৰ CAA-বিৰোধিতাৰ তাৎপৰ্য্য তথ্যৰে ব্যাখ্যা জাহ্নু বৰুৱাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2019 10:02 pm
Jahnu Barua explains significance of Assam's opposition to CAA

প্ৰসিদ্ধ ছবি নিৰ্মাতা জাহ্নু বৰুৱাই ভাৰতৰ চৰকাৰী তথ্য আৰু ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ ঘোষণাপত্ৰ দাঙি ধৰি অসমৰ বাহিৰৰ লোকৰ বাবে নাগৰিকত্ব (সংশোধন) আইন ২০১৯বিৰোধী ৰাজ্যবাসীৰ বিৰোধিতাৰ তাৎপৰ্য্য ব্যাখ্যা কৰিছে।

এটা ভিডিঅ’যোগে বৰুৱাই কৈছে যে অসমৰ সমাজ “ধৰ্মভিত্তিক” নহয় আৰু কা-ক লৈ ইয়াৰ মানুহৰ আশংকা খিলঞ্জীয়া “ভাষা-সংস্কৃতি”কেন্দ্ৰিক। তেওঁ কয় যে অসমত বহু গোষ্ঠী, ধৰ্ম, বৰ্ণৰ লোকে শতিকাজুৰি সম্প্ৰীতিৰে বাস কৰি আহিছে।

লোকপিয়লৰ তথ্যৰে বৰুৱাই দেখুৱাইছে যোৱা সময়চোৱাত অসমত অসমীয়াভাষী হ্ৰাসৰ বিপৰীতে বাংলাভাষী বৃদ্ধি পোৱাৰ তথ্য আৰু সম্ভাৱ্য ভৱিষ্যত সম্ভাৱনা।

চুবুৰীয়া বাংলাদেশৰ পৰা প্ৰব্ৰজনক স্বীকাৰ কৰি অসম চুক্তিমতে ১৯৭১ চনলৈকে অসমে প্ৰায় ২০ লাখ অবৈধ অনুপ্ৰৱেশকাৰী গ্ৰহণ কৰা বুলি উল্লেখ কৰি বৰুৱাই প্ৰশ্ন কৰিছে ইয়াৰ পিছত কা-ৰ অধীনত নাগৰিকত্ব পোৱাসকলক ৰাজ্যখনে গ্ৰহণ কৰিব লগা হোৱাটো ন্যায়সংগতনে?

দ্বিতীয়তে, সংসদত গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ আধাৰত এনে লোকৰ সংখ্যা “লাখ বা কোটি” হোৱাৰ সম্ভাৱনা উল্লেখ কৰি বৰুৱাই কৈছে এনে লোক ৭০ লাখ হ’লেও ২০২১ চনলৈ বাংলাভাষীৰ সংখ্যাই অসমীয়াক অতিক্ৰম কৰিব।

এনে লোকৰ প্ৰকৃত সংখ্যা কিমান সেয়া কোনেও নাজানে বুলি উল্লেখ কৰি বৰুৱাই কৈছে যে বিভিন্নজনে বিভিন্ন সংখ্যা দাঙি ধৰি আহিছে।

আকৌ এই লোকসকলৰ সমস্যাটো “ৰাষ্ট্ৰীয়” বুলি উল্লেখ কৰি কা-সমৰ্থকসকলে মানুহবিলাকক ভাৰতৰ সকলো ৰাজ্যই ভগাই ল’ব বুলি মাজে-সময়ে দাবী কৰি থকাৰ প্ৰসংগত বৰুৱাৰ প্ৰশ্ন, কোন ৰাজ্য এওঁলোকক গ্ৰহণ কৰিবলৈ ৰাজী আছে?

তেওঁ দেখুৱাইছে যে এনে লোক যদি ১ কোটি হয়, তেন্তে বৃহৎ ৰাজ্য ৰাজস্থানে ভূমিৰ হিচাপত ১০ লাখতকৈ অধিক লোকক আশ্ৰয় দিব লাগিব। তেওঁ লগতে কয়, ষষ্ঠ অনুসূচীৰ এলেকা বাদ দি অসমে ভাৰতৰ কেৱল ১.৬৭ শতাংশ ভূমি অধিকাৰ কৰি আছে।

আনহাতে ভাৰত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া অধিকাৰ বিষয়ক ঘোষণাপত্ৰৰ “স্বাক্ষৰকাৰী” বুলি উল্লেখ কৰি বৰুৱাই কয় যে কা বলবৎকৰণে এই ঘোষণাৰ বিশেষকৈ ইয়াৰ ১২, ১৩, ২৬ আৰু ৩১ অনুচ্ছেদৰ “বৃহৎ উলংঘন” কৰিব।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সন্মান প্ৰাপক চিনেমা নিৰ্মাতাগৰাকীয়ে কা-বিৰোধিতাৰে শেহতীয়াকৈ এক চৰকাৰী কাৰ্য্যসূচীৰ পৰা তেওঁৰ ছবি প্ৰত্যাহাৰ কৰিছিল।