NORTHEAST NOW (Assamese)
অসম

অগপৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 14, 2021 1:55 pm
31-08-19-Guwahati-agp-pmt-3-750x375

অসম বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে অসম গণ পৰিষদৰ তৃতীয়খন তালিকা আজি প্ৰকাশ কৰা হৈছে। মুঠ ১৩জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে দলটোৱে।

আজি প্ৰকাশ কৰা তালিকা অনুসৰি বঙাইগাঁৱত মন্ত্ৰী ফনীভূষণ চৌধুৰী, ছয়গাঁৱত ডাঃ কমলাকান্ত কলিতা, পশ্চিম গুৱাহাটীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, আৰু উত্তৰ অভয়াপুৰীত ভূপেন ৰায়ক প্ৰাৰ্থিত্ব দিয়া হৈছে।

সেইদৰে, মানকাচৰত জাবেদ ইছলাম, দক্ষিণ অভয়াপুৰীত পূৰ্ণেন্দু বনিক্য, গোৱালপাৰা পূবত জ্যোতিষ দাস, গোৱালপাৰা পশ্চিমত শ্বেখ ছাহ আলম আৰু ভবানীপুৰত ড০ ৰঞ্জিত নাৰায়ন ডেকাক প্ৰাৰ্থিত্ব দিয়া হৈছে।

আনহাতে, বৰপেটাত বিধায়ক গুণীন্দ্ৰ নাথ দাস, সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰী, চেঙাত ৰবিউল হুছেইন আৰু বকোত জ্যোতি প্ৰসাদ দাসক প্ৰাৰ্থিত্ব দিয়া হৈছে।

অগপৰ দ্বিতীয়খন তালিকা যোৱা ১১ মাৰ্চত প্ৰকাশ পাইছিল।  সেই অনুসৰি, ৰহা সমষ্টিত বিষ্ণু দাস, দলগাওঁ সমষ্টিত হবিবৰ ৰহমান, কৰিমগঞ্জ দক্ষিণত আজিজ আহমেদ খান, আলগাপূৰ সমষ্টিত আপ্তবুদ্দিন লস্কৰ, যমুনামুখত ছাদ্দিকুল্লা ভূঞা আৰু পাথাৰকান্দিত ছাব্বিৰ আহমেদক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল।

আনহাতে, অসম গণ পৰিষদৰ প্ৰথম পৰ্যায়ৰ ৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা যোৱা ৭ মাৰ্চৰ দিনা প্ৰকাশ পাইছিল।

সেই অনুসৰি, বোকাখাতত প্ৰাৰ্থিত্ব লাভ কৰিছিল অতুল বৰা, কলিয়াবৰত কেশৱ মহন্ত, টীয়কত ৰেণুপমা ৰাজখোৱা, আমগুৰিত প্ৰদীপ হাজৰিকা, চাবুৱাত পোনাকণ বৰুৱা, নাওবৈছাত জয়ন্ত খাউণ্ড আৰু তেজপুৰত পৃথ্বিৰাজ ৰাভাই (বিষ্ণুৰাভাৰ পুত্ৰ) লাভ কৰিছিল অগপৰ প্ৰাৰ্থিত্ব।