NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত নিৰ্বাচনী কৰ্তব্যত গাফিলতি কৰাৰ বাবে দুজনলৈ কাৰণ দৰ্শোৱাৰ জাননী

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন March 16, 2021 7:05 am
111195-voter-id-750x375

গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত এগৰাকী বিষয়া আৰু এগৰাকী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।

বেটীয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিপুল কুমাৰ ভাগৱতীলৈ অকৰ্তৃত্বশীলভাৱে প্ৰশিক্ষণত উপস্থিত নথকাৰ বাবে জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

জাননী লাভ কৰাৰ তিনিদিনৰ ভিতৰত তেওঁক উত্তৰ দিবলৈ কোৱা হৈছে।

আনহাতে, গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত এটা ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দায়িত্বত থকা বিষয়া দুলাল কুৰ্মীকো কৰ্তব্যত গাফিলতী কৰাৰ অভিযোগত আদৰ্শ আচৰণ বিধি কোষে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

তেওঁক জাননী লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিছে।