NORTHEAST NOW (Assamese)
Popular Stories

”চিণ্ডিকেট কা আনন্দ সৰ্বানন্দ” : চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 15, 2021 9:03 pm
”চিণ্ডিকেট কা আনন্দ সৰ্বানন্দ” : চট্টিছগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল

চট্টিছগড়ৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেশ বাঘেলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি আক্ৰমণাত্মক মন্তব্য অব্যাহত ৰাখিছে।

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে দলীয় নিৰীক্ষকৰ দায়িত্বত থকা বাঘেলে সোণোৱালৰ ওপৰত ‘চিণ্ডিকেট’ চলাই থকাৰ অভিযোগ কৰে।

কিছুদিনৰ পূৰ্বে নৰেন্দ্ৰ মোডীয়ে কোৱা ”অসম মে আনন্দ সৰ্বানন্দ”ৰ প্ৰত্যুত্তৰত বাঘেলে কয়- ”ছিণ্ডিকেট কা আনন্দ সৰ্বানন্দ”।

সোণোৱালক কংগ্ৰেছ নেতাজনে কয়লা চিণ্ডিকেট, মাছৰ চিণ্ডিকেটকে ধৰি কেইবাটাও চিণ্ডিকেট চলাই অহাৰ অভিযোগ কৰিছে।

তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো তেল ডিপোসমূহৰ আঁতৰ কৰা হৈছে বুলি কৈ বাঘেলে কয়- ”যেতিয়াৰে পৰা জিডিপি (গেছ-ডিজেল-পেট্ৰল)ৰ দাম বাঢ়িব ধৰিল, নৰেন্দ্ৰ মোডীৰ ফটোসমূহ ইন্ধন ষ্টেচনসমূহৰ পৰা নাইকিয় হৈছে।”