NORTHEAST NOW (Assamese)
Popular Stories

২৪ সপ্তাহৰ পিছতো গৰ্ভপাত কৰিব পাৰিব গৰ্ভৱতী নাৰীয়ে!; লোকসভাৰ পিছতে ৰাজ্যসভাতো গৃহীত হ’ল বিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 16, 2021 8:25 pm
1800x1200_pregnant_woman_2_other

মেডিকেল টাৰ্মিনেশ্যন অৱ প্ৰেগনেঞ্চি(এমেণ্ডমেন্ট)বিল, ২০২০ গৃহীত হৈছে ৰাজ্যসভাত।

মংগলবাৰে সংসদৰ উচ্চ সদনত গৃহীত হোৱাৰ লগে লগে ২০ সপ্তাহলৈকে কোনো গৰ্ভৱৰ্তী নাৰীয়ে সহজতে গৰ্ভপাত কৰাৰ পথ মুকলি হৈছে।

আনহাতে বিধেয়কখনৰ সংশোধনীৰ মতে গৰ্ভৱতীৰ ভ্ৰূণৰ অস্বাভাৱিকতাৰ ক্ষেত্ৰত এই গৰ্ভপাতৰ ম্যাদ ২৪ সপ্তাহলৈকে বৃদ্ধি কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যসমূহক ৰাজ্যিক পৰ্যায়ৰ চিকিৎসা ব’ৰ্ড গঠনৰ ব্যৱস্থা কৰা হৈছে আৰু এই ব’ৰ্ডে গৰ্ভপাত কৰিব পাৰিব নে নাই তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখ্য যে এই বিধয়েকখন যোৱা বৰ্ষৰ মাৰ্চ মাহতে লোকসভাত গৃহীত হৈছিল।

“বিধেয়কখন ৰাজ্যসভাৰ নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰাৰ দাবী ধ্বনি ভোটত পৰাস্ত হৈছে, অন্য কিছুমান সংশোধনী প্ৰস্তাৱেৰে বিধেয়কখন গৃহীত হৈছে।” ৰাজ্যসভাৰ উপাধক্ষ্য হৰিবংশ নাৰায়ণ সিঙে কয়।

স্মৰ্তব্য যে এই বিধেয়কখনে গৰ্ভপাত কৰাৰ সময় বৃদ্ধি কৰিছে। বৰ্তমান গৰ্ভপাতৰ বাবে এজন চিকিৎসকৰ পৰামৰ্শ বা মতামতৰ প্ৰয়োজন হয় আৰু গৰ্ভধাৰণৰ ১২ সপ্তাহৰ ভিতৰতহে গৰ্ভপাত কৰা হয়। কিন্তু এই বিধেয়কখনৰ মতে ১২ৰ পৰা ২০ সপ্তাহলৈ ইয়াৰ সময় বৃদ্ধি কৰাৰ লগতে দুজন চিকিৎসকৰ মতামতৰ প্ৰয়োজন হ’ব।

ইফালে বিধেয়কখনে ২০ সপ্তাহলৈকে এজন চিকিৎসক আৰু ২০ ৰপৰা ২৪ সপ্তাহৰ ভিতৰত কিছুমান বিশেষ শ্ৰেণীৰ মহিলাৰ ক্ষেত্ৰত দুজন চিকিৎসকৰ পৰামৰ্শত গৰ্ভপাত কৰাৰ অনুমতি প্ৰদান কৰিব।

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি মহিলাৰ ক্ষতি কৰা কোনো আইন নিৰ্ধাৰণ নকৰো। এয়া কৰা হৈছে মহিলাসকলৰ সন্মান ৰক্ষা আৰু সুৰক্ষিত কৰাৰ বাবে।” বিধেয়কখন ৰাজ্যসভাত গৃহীত হোৱাৰ পিছতে কেন্দ্ৰী স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কয়।