NORTHEAST NOW (Assamese)
অসম

টীয়কত কংগ্ৰেছৰ মাৰথান প্ৰচাৰ; অগপ-বিজেপিৰ শতাধিকৰ যোগদান

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক March 18, 2021 8:10 am
Pallabi Gogoi Teok final

নিৰ্বাচনলৈ মাজত মাত্ৰ ৯টা দিন বাকী আছে। প্ৰতিটো দলে নিজ নিজ ইস্তাহাৰ লৈ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে।

এইক্ষেত্ৰত পাছ পৰি ৰোৱা নাই টীয়ক সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীও। সমষ্টিৰ চূকে কোণে নিতৌ আঠৰ পৰা দহখনকৈ সভা পাতি প্ৰতিখন সভাতে বহুসংখ্যক নতুন সমৰ্থকে যোগদান কৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে, বুধবাৰৰ দিনটোত সমষ্টিৰ গাখীৰখোৱা, চিন্তামণিগড়, জাঁজীমুখকে ধৰি বিভিন্ন অঞ্চলৰ প্ৰায় তিনি শতাধিক পুৰুষ-মহিলাই কংগ্ৰেছ দলত যোগদান কৰে।

উল্লেখযোগ্য যে ইয়াৰে অধিকাংশই অগপ-বিজেপিৰ সদস্য তথা দলীয় দায়িত্বত থকা আৰু নৱপ্ৰজন্মৰ প্ৰতিনিধি।

পৰিপক্ক নেতৃত্বৰ অভাৱ তথা একনায়কত্ববাদৰ শাসনক পৰাভূত কৰি পৰিবৰ্তনৰ ঠাইত পৰিত্ৰাণ পাবলৈ কংগ্ৰেছত যোগদান কৰা বুলি মন্তব্য কৰিছে নতুন যোগদানকাৰীসকলে।