NORTHEAST NOW (Assamese)
অসম

তৃতীয় পৰ্যায়ৰ নিৰ্বাচন: ক’ত কিমান হ’ল ভোটদান? বিয়লি ৮-৩০ বজালৈ ভোটদানৰ সামগ্ৰিক হাৰ ৮২.৩৩ শতাংশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 6, 2021 6:02 pm
a vote

ৰাজ্যত আজি অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ অন্তিম তথা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বিয়লি ৮-৩০ বজালৈকে ভোটদানৰ হাৰ হৈছে ৮২.৩৩ শতাংশ।

বজালীত ৭৩.৩৭ শতাংশ,বাগছাত ৭১.৬০,বৰপেটাত ৮০.৭৮ শতাংশ,বিজনীত ৮৩.২৯ শতাংশ,বিলাসীপাৰাত ৮৩.১১,বঙাইগাওঁত ৮১.৫৫,চিৰাঙত ৭৮.৩৫,ধুবুৰীত ৮৫.৬১, গোৱালপাৰাত ৮০.৪৪, গোঁসাইগাঁৱত ৭৯.২৫,কামৰূপত ৭৮.৪০, কামৰূপ মেট্ৰত ৭৩.৬৮, নলবাৰীত ৮০.৩৩, উত্তৰ শালমাৰাত ৭২.৯৬,দক্ষিণ শালমাৰা ৮৮.৫৯ শতাংশ ভোটদান হৈছে।

ৰাজ্যিক নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।

পুৱা ১১বজালৈকে ভোটদানৰ হাৰ আছিল ৩৩.১৮শতাংশ।

ভোটদানৰ হাৰ সন্ধিয়ালৈকে বৃদ্ধি পোৱাৰ আশা কৰা হৈছে কিয়নো ভোটকেন্দ্ৰসমূহত ভোটাৰে দীঘলীয়া শাৰী পাতি ভোটদান দিবলৈ ৰৈ থকা দেখা গৈছে।

আজি ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত অৰ্থাৎ পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ আছিল ১২.৮৩ শতাংশ।

উল্লেখ্য যে ৰাজ্যখনৰ ১২ খন জিলাৰ ৪০ টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা আজিৰ ভোটগ্ৰহণৰ সামৰণি পৰিব সন্ধিয়া ৬ বজাত।