NORTHEAST NOW (Assamese)
Popular Stories

বেলকনিত নগ্ন হৈ ফটো উঠি ৰঙাঘৰৰ ভাত খাবলগা হ’ল কেইগৰাকীমান মহিলা, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 6, 2021 5:28 pm

বেলকনিত নগ্ন ফটো তুলি গ্ৰেপ্তাৰৰ সম্মুখিন হ’ল কেইগৰাকীমান মহিলা।

ডুবাইত সংঘটিত হৈছে এই আমোদজনক ঘটনা।

শনিবাৰে অনলাইনযোগে প’ষ্ট কৰা নগ্ন ফটোশ্বুটটোৰ ভিডিঅ’ ফুটেজটোত দেখা গৈছিল কেইগৰাকীমান মহিলাই নগ্ন হৈ এটা বেলকনিত ফটো তুলি আছে।

মহিলাকেইগৰাকীৰ ভিতৰত এগৰাকীকৈ ইউক্ৰেনিয়ান আৰু ৰাছিয়ান মহিলাও আছে বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে।

ডুবাইৰ মাৰিনা জিলাত সংঘটিত হোৱা এই ঘটনাটোৱে সংবাদমাধ্যমত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে।

ডুবাইৰ প্ৰশাসনে ৰাজহুৱা ব্যভিচাৰৰ ভিত্তিত মহিলাকেইগৰাকীক আটক কৰিছে।

তেওঁলোকে ৬মাহৰ কাৰাবাসৰ উপৰিও ৯৮১ পাউণ্ড (ভাৰতীয় হিচাপত ৯৯,৬৪২ টকা) জৰিমণা ভৰিব লাগিব?

উল্লেখযোগ্য যে ডুবাইকে ধৰি সংযুক্ত আৰৱ এমিৰেটছৰ আইনসমূহ ইছলামিক শ্ব’ৰিয়া আইনৰ ভিত্তিত গঠিত।

শ্ব’ৰিয়া আইনৰ অধীনত ইয়াৰ পূৰ্বে ৰাজহুৱা যৌন আচৰণ আৰু সমকামিতাৰ অপৰাধত বহুতো লোক কাৰাবাস খাটিব লগা হৈছে।

আৰক্ষীয়ে এই সম্পৰ্কে কয় যে এনেধৰণৰ অগ্ৰহণযোগ্য আচৰণে ডুবাইৰ সমাজৰ প্ৰমূল্য আৰু নীতি-আদৰ্শক প্ৰতিফলিত নকৰে।

ডুবাইত বসবাস আৰু ভ্ৰমণ কৰা যিকোনো লোকে তাৰ আইন মানি চলিব লাগিব বুলিও আৰক্ষীয়ে কয়।

আনকি পৰ্যটকসকলকো এইক্ষেত্ৰত ৰেহাই প্ৰদান কৰা নহয়।