NORTHEAST NOW (Assamese)
Popular Stories

আজৱ! ভগা কাঁচৰ টুকুৰা, মাংস কটা চুৰি আৰু মূৰত জুই লগাই দি চুলি কাটে এইজন নাপিতে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2021 5:53 pm

চুলি কটা আৰু কেশসজ্জাৰ এক অভিনৱ আৰু অনন্য পদ্ধতিৰে চৰ্চালৈ আহিছে এজন নাপিত।

পাকিস্তানৰ লাহোৰৰ আলি আব্বাছ নামৰ নাপিতজনৰ চুলি কটা আৰু চুলিৰ সজোৱাৰ শেহতীয়া এটা ভিডিঅ’ই সা্মাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টো অনুসৰি, নাপিতজনে কেশসজ্জাৰ বাবে ব্যৱহাৰৰ কৰে ভগা কাঁচৰ টুকুৰা, হাতুৰি আৰু কচাইৰ চুৰি-কটাৰীৰে।

আনকি কিছু গ্ৰাহকৰ ক্ষেত্ৰত, তেওঁ চুলিত জুইও লগাই দি কেশসজ্জা কৰে।

পাকিস্তানৰ এটা নিউজ চেনেল এ.আৰ.ওৱাই. নিউজে (ARY News) নাপিতজনৰ এই বাতৰিটো প্ৰকাশ কৰিছে।

ভিডিঅ’টোত আলিয়ে কৈছে যে তেওঁৰ পেচাৰ বাবে এই অপৰাম্পগত পদ্ধতি আৱিষ্কাৰ কৰিছে।

এজন গ্ৰাহকৰ চুলিখিনি এটা ভগা কাঁচৰ বটলৰ টুকুৰাৰে কেশসজ্জা কৰি কৰি তেওঁ নিউজ চেনেলটোক কয় যে- ”মই প্ৰতিদিনে কিবা এটা নতুন কাম কৰাৰ চেষ্টা কৰো। হৃদয়ৰ পৰা কোনো কাম কৰিলে সফলতা নিশ্চিতভাৱে পোৱা যায়।”

আনহাতে গ্ৰাহকসকলেও আলিৰ এই অভিনৱ পদ্ধতি উপভোগ কৰি আহিছে বুলি জনায়।

”মই সঁচাকৈয়ে সন্তুষ্ট। গোটেই সময়খিনিত, মই কিছু ভয় খাইছিলো কিন্তু এয়া সঁচাকৈয়ে ভাল লগা কথা।”- এগৰাকী গ্ৰাহকে এইদৰে কয়।

এজন গ্ৰাহকে আলিক প্ৰশংসা কৰি কয় যে তেওঁ পুনৰ আলিৰ চেলুনলৈ আহিব।

ইতিমধ্যে ইউটিউবত আলিৰ ভিডিঅ’টোৱে ব্যাপক সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।