NORTHEAST NOW (Assamese)
অসম

চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ বাহনত আক্ৰমণ, কথমপি প্ৰাণৰক্ষা নেতাগৰাকীৰ

Posted by: আজিজুল হক Updated by: আজিজুল হক March 18, 2021 6:32 pm

বৰপেটাৰ চেঙা সমষ্টিত ঘটিছে নিৰ্বাচনী প্ৰাৰ্থীক আক্ৰমণ কৰাৰ  এক অনাকাংক্ষিত ঘটনা।

বিগত চাৰিটা কাৰ্যকালৰ বিধায়ক তথা চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদে কেইবা সহস্ৰাধিক লোকক লৈ উলিয়ায় এক বৃহৎ ৰেলী। এই ৰেলীত সমষ্টিটোৰ লগতে আন সমষ্টিৰ লোকো  আনিছিল।

দৌলাশালৰ পৰা ভেল্লা হৈ বহৰিলৈ উলিওৱা এই ৰেলীত অংশগ্ৰহণ কৰা লোকে ৰেলী শেষ হোৱাৰ প্ৰাকক্ষণত জনতা বজাৰ পাৰ হোৱাৰ পিছতে বাইক আৰু চাৰিচকীয়া বাহনৰে ৰেলীত অংশগ্ৰহণ কৰা লোকে তেওঁলোকৰ গাড়ীৰ তেল বিচাৰি শুকুৰ আলী আহমেদক আগুচি ধৰে।

a ata1

এই সন্দৰ্ভত শুকুৰ আলী আহমেদে নীৰৱে থকাত বাইক আৰু চাৰিচকীয়া বাহনৰে ৰেলীত অংশগ্ৰহণ কৰা কিছু লোকে  শুকুৰ আলী আহমেদৰ বাহনত উপৰ্যুপৰি আক্ৰমণ চলাই  বাহন খন চূৰ্ণ বিচূৰ্ণ কৰি  বগৰাই দিয়ে দ’ খালত।

লাঠি, জোঙেৰে চলোৱা এই আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শুকুৰ আলীয়ে ওচৰৰে এঘৰত সোমাই কোনোমতে প্ৰাণ ৰক্ষা কৰে ।

দৌলাশালৰ পৰা ভেল্লা হৈ বহৰি লৈ উলিওৱা বৃহৎ ৰেলীত  ভাগ লোৱা একাংশ লোকে শিলা পাৰ হোৱাৰ পিছতে জনতা বজাৰৰ পৰা অলপ নিলগত আলীৰ পৰা  টকা  বিচাৰে ।

উল্লেখযোগ্য যে বিগত বৰ্ষসমুহৰ দৰে এইবেলিও শুকুৰ আলী আহমেদে  টিকট পোৱাৰ পিছতে আজি  উলিয়ায় বৃহৎ ৰেলী। কেইবা সহস্ৰাধিক কৰ্মী সমৰ্থকক লৈ এই ৰেলী উলিয়াই তেওঁ ভোটাৰৰ মাজত চমক সৃষ্টি কৰিবলৈ প্ৰচেষ্টা চলায়।

শুকুৰ আলী আহমেদৰ বাহন লণ্ড ভণ্ড কৰাৰ কিছু সময় পিছতে সেই ঠাইত বৰপেটা আৰু বহৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া সকলে উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে।  নেতা তথা নেতাৰ বাহনত একাংশ লোকে আক্ৰমণ কৰাৰ ঘটনাই  ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।