NORTHEAST NOW (Assamese)
Popular Stories

পুটিনক ‘হত্যাকাৰী’ আখ্যা মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেনৰ : ক্ষোভিত ক্ৰেমলিনৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2021 6:33 pm
https _cdn.cnn.com_cnnnext_dam_assets_201109222132-conclu-biden-putin

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিডেনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমি পুটিনক হত্যাকাৰী আখ্যা দিয়াৰ পিছতে ক্ষুব্ধ হৈ পৰিছে মস্কো।

বিডেনৰ এই বক্তব্যই দুই দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক তিক্ত কৰি পেলাব বুলি মন্তব্য কৰিছে ক্ৰেমলিনে।

বুধবাৰে এবিচিত সম্প্ৰচাৰিত এক সাক্ষাৎকাৰত মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনে কৈছিল যে ২০২০ চনৰ মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তেওঁ প্ৰাৰ্থীত্বক লৈ অপযশ বিয়পাবলৈ চেষ্টা কৰা পুটিনে ইয়াৰ মূল্য ভৰিব লাগিব।

বিডেনে পুটিনৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি থকাৰ সময়তে সাক্ষাৎগ্ৰহণকাৰী জৰ্জ ষ্টেফান’পওলাছে বিডেনক সুধিছিল যে পুটিনক তেওঁ এজন ‘কীলাৰ’ বুলি ভাবে নেকি? বিডেনে কোনো কাল ক্ষয় নকৰি ‘হয়, মই ভাবো’ বুলি মন্তব্য কৰিছিল।

ইয়াৰ পিছতে ক্ৰেমলিনে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেনৰ বিৰুদ্ধে।

ক্ৰেমলিনৰ মুখপাত্ৰ ডমিট্ৰি পেচকভে বৃহস্পতিবাৰে সাংবাদিকৰ আগত ‘ইতিহাসত এনে একো হোৱা নাই’ বুলি উল্লেখ কৰি অভিযোগ কৰে যে আমেৰিকাই দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত হোৱাতো বিচৰা নাই।

বিডেনৰ এই মন্তব্যই দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক অৱনতি কৰিব বুলিও দাবী কৰিছে ক্ৰেমলিনৰ মুখপাত্ৰগৰাকীয়ে।

“এয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ অতি বেয়া মন্তব্য। তেওঁ নিশ্চিতভাৱে আমাৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ নিবিচাৰে আৰু আমি ইয়াৰ পৰা আগবাঢ়ি যাম,” পেচকেভে লগতে কয়।

ইফালে মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনৰ এই মন্তব্যৰ পিছতে বুধবাৰে ৰাছিয়াই মস্কোস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূতক এই সম্পৰ্কে স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছিল।

আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে বিডেনৰ এই বক্তব্যৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নে নাই সেই বিষয়ে পেচকভে কোনো মন্তব্য কৰা নাই।

অৱশ্যে তেওঁ জনায় যে ৰাষ্ট্ৰদূত এনাট’লি এণ্টোন’ভক ৰাছিয়া-আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ মস্কোলৈ আমন্ত্ৰণ জনোৱা হৈছে।