NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় বন দিৱস : বৃক্ষ ৰোপণক মহৎ কাম হিচাপে গণ্য কৰিবলৈ আহ্বান মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ March 21, 2018 11:17 pm

আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বন দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃক্ষ ৰোপণক মহৎ কাম হিচাপে গণ্য কৰিবলৈ আহ্বান জনায়।

ৰাজ্য বিভাগৰ বন বিভাগৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি সোণোৱালে কয়, ‘বৃক্ষ ৰোপন কেৱল মাত্ৰ চৰকাৰী হৈ থাকিলে বনাঞ্চল বৃদ্ধি কেতিয়াও সম্ভৱ নহয়। সেয়েহে, ইয়াক আমি জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে অধিক যত্নপৰ হ’ব লাগিব।’

এই ক্ষেত্ৰত তেওঁ নৱ প্ৰজন্মক বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ত পঢ়ি থকা কালৰে পৰা এই দিশত সচেতন কৰাৰ ওপৰত গুৰুত্ব দিয়ে।

তেওঁ এইক্ষেত্ৰত বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত পৰিৱেশ বিজ্ঞানৰ অন্তৰ্ভূক্তিৰ এক প্ৰস্তাৱ প্ৰস্তুত কৰি শিক্ষা বিভাগৰ ওচৰত দাখিলৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক নিৰ্দেশ দিয়ে।

আনহাতে, দেশ-বিদেশৰ অনেক পৰ্যটক অসমৰ সেউজ আৱৰণ তথা বিশুদ্ধ জলবায়ুৰ প্ৰতি আকৃষ্ট হৈ অসম ভ্ৰমণ কৰে বুলি উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰে সেউজ ভূমি সংৱৰ্দ্ধনৰ বাবে প্ৰতি বছৰে ১০ কোটি টকা কৈ গছপুলি ৰোপন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

তেওঁ প্ৰতিখন সংৰক্ষিত বনাঞ্চলক পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ বন বিভাগক নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰীজনে বন বিভাগে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে কাম কৰি আহিব লগীয়া হৈছে বুলি উল্লেখ কৰি বিভাগটোক নিজৰ বিশ্বাসযোগ্যতা ৰাইজৰ মাজত বৃদ্ধি কৰাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়।

অনুষ্ঠানত বক্তব্য ৰাখি পৰিৱেশ আৰু বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যৰ বন বিভাগৰ কাম-কাজৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি বন সংৱৰ্দ্ধনৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ ফলতে ফৰেষ্ট ছাৰ্ভে অব ইণ্ডিয়াৰ শেহতীয়া প্ৰতিবেদনত ৰাজ্যখনৰ বনাঞ্চলৰ আয়তন বৃদ্ধি হৈছে প্ৰকাশ পাইছে বুলি কয়।

অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে ‘মাই গভ আসাম’এ প্ৰস্তুত কৰা ‘গছ থাকিলেহে মানুহ থাকিব’ শীৰ্ষক ছুটি তথ্যচিত্ৰখনৰ চি ডি আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

ইয়াৰেপৰি প্ৰকৃতি সংৰক্ষক পদ্মশ্ৰী যাদৱ পায়েং, আনন্দ কাটনিয়াৰ আৰু চন্দ্ৰ কান্ত বসুমতাৰীক মুখ্য মন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱাৰ উপৰি বন বিভাগে ২০১৮-১৯ বৰ্ষৰ বাবে এই তিনিওগৰাকী ব্যক্তিক বৃক্ষ ৰোপনৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিয়োগ কৰাৰ পত্ৰও আনুষ্ঠানিকভাৱে অৰ্পণ কৰে।

বন বিভাগৰ মুখ্য বন সংৰক্ষক তথা বন বাহিনীৰ প্ৰধান ডি হৰপ্ৰসাদে আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ উপৰি বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।