NORTHEAST NOW (Assamese)
অসম

বিশ্বৰ সৰ্বকনিষ্ঠ! কৰ’নাত আক্ৰান্ত হৈ এটি ২০দিনীয়া শিশুৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 3, 2020 8:38 am
luma-pimentel-463423-unsplash-750x375

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত গোটেই বিশ্বতে আবাল-বৃদ্ধ বনিতাকে ধৰি শিশুৱেও প্ৰাণ হেৰুৱাব লগীয়া হৈছে। ভাৰততো ইয়াৰ ব্যতিক্ৰম নহয়।

শনিবাৰে ৰাজস্থানৰ জয়পুৰত কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে এটি মাত্ৰ ২০ দিনীয়া শিশুকন্যা।

গোটেই বিশ্বতে ইয়াতকৈ কম বয়সৰ শিশু এতিয়ালৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খৱৰ পোহৰলৈ অহা নাই।

বাতৰি অনুসৰি, এপ্ৰিল মাহত জয়পুৰৰ গাংগুৰি হাস্পাতলত শিশুটিয়ে জন্মলাভ কৰে। প্ৰথমতে শিশুটিৰ কোনো সমস্যা ধৰা পৰি নাছিল যদিও কেইদিনমানৰ পূৰ্বৰ পৰা হঠাৎ শিশুটিৰ বমি আৰু পায়খানা আৰম্ভ হয়।

লগে লগে এগৰাকী শিশু বিশেষজ্ঞক দেখুওৱাত চিকিৎসকগৰাকীয়ে ডায়েৰীয়া হোৱা বুলি জনায়।

ইয়াৰ পাছত শিশুটিক শুকুৰবাৰে জয়পুৰৰ জে কে লোন হাস্পাতলত ভৰ্তি কৰা হয় যদিও শনিবাৰে শিশুটিৰ মৃত্যু হয়।

শিশুটিৰ মৃত্যুৰ পাছত কৰা পৰীক্ষাত কৰ’না পজিটিভ ধৰা পৰে।

ৰাজস্থান চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰোহিত কুমাৰ সিঙে জনায় যে শুকুৰবাৰে ২০ দিনীয়া সেই শিশুটিক অত্যন্ত জটিল অৱস্থাত পৰিয়ালৰ লোকে জে কে হাস্পাতলত ভৰ্তি কৰাইছিল। চিকিৎসকলৰ আপ্ৰাণ চেষ্টাৰ পাছতো শিশুটিক বচাব পৰা নগ’ল।

আচৰিত কথা হ’ল শিশুটিৰ পৰিয়ালৰ কোনো সদস্যৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি পোৱা নাই। আনকি তেওঁলোকৰ কোনেও বাহিৰলৈ ফুৰিবলৈ যোৱাও নাছিল। পৰিয়ালটোৰ দহজন সদস্যক কোৱাৰেন্টাইন কৰা হৈছে।