NORTHEAST NOW (Assamese)
Popular Stories

পতিতা বৃত্তিৰ সৈতে জড়িত ১২ মহিলাসহ ২৩ গৰাকীক গ্ৰেপ্তাৰ আৰক্ষীৰ : স্থানীয় আৰক্ষী জড়িত থকাৰ সন্দেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 20, 2021 7:29 pm
Arrested-750x375

গ্ৰেটাৰ নয়দাত ১২ গৰাকী মহিলাসহ ২৩ গৰাকী লোকক পতিতা বৃত্তিৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শনিবাৰে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত আৰক্ষীয়ে এই অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

গ্ৰেটাৰ নদয়াৰ উপ আৰক্ষী আয়ুক্ত ৰাজেশ কুমাৰ সিঙে এই চক্ৰটোৰ সৈতে স্থানীয় আৰক্ষী জড়িত থকাৰো সন্দেহ কৰিছে।

“গোপন সূত্ৰৰ ভিত্তিত সহকাৰী আৰক্ষী আয়ুক্তৰ নেতৃত্বত চলোৱা তাৎক্ষণিক অভিযানত দানকৌৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন হোটেলৰ পৰা পতিতাত বৃত্তি জড়িত এটা বৃহৎ দলক গ্ৰেপ্তাৰ কৰা হৈছে। দলটোত ১২ গৰাকী মহিলাৰ লগতে ১১ জন পুৰুষ আছে। হোটেলখনৰ পৰিচালককো গ্ৰেপ্তাৰ কৰি হোটেলখনৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে।” আৰক্ষী বিষয়া সিঙে সংবাদ মাধ্যমৰ আগত কয়।

ইফালে স্থানীয় আৰক্ষী এই চক্ৰটোৰ সৈতে জড়িত থকাৰ সন্দেহ কৰি তদন্ত আৰম্ভ কৰা হৈছে। ইতিমধ্যে চাৰি আৰক্ষী কনিষ্টবল, এজন হেড কনিষ্টবল আৰু এজন চালকক শাস্তিমূলকভাৱে বদলিও কৰা হৈছে।

স্থানীয় শ্যাম নগৰ আৰক্ষী চকী আৰু দানকৌৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধেও অতিৰিক্ত আৰক্ষী উপ আয়ুক্তৰ দ্বাৰা তদন্ত আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰিছে সিঙে।

পতিতা বৃত্তিত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা ২৩ গৰাকী লোকৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।