NORTHEAST NOW (Assamese)
অৰুণাচল

পশ্চিম কামেং জিলাৰ সেনাৰ মুখ্যকেন্দ্ৰত অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু : শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়াৰ সৈতে মিলিত হ’ল আলোচনাত

Posted by: প্ৰণৱ কুমাৰ দাস March 22, 2018 10:22 am
KHANDU-ARMY-

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে বুধবাৰে পশ্চিম কামেং জিলাৰ ৰূপাস্থিত সেনাবাহিনীৰ মুখ্যকেন্দ্ৰত উপস্থিত হৈ ফ্ৰণ্টিয়াৰ গজৰাজ কৰ্পছৰ (৪ কৰ্পছ) জেনেৰেল কমাণ্ডিং অ’ফিচাৰ লেফ্ট জেনেৰেল গুৰপাল সিং চাংঘাৰ সৈতে এক আলোচনাত মিলিত হয়।

মুখ্য মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত মাউণ্টেইন ডিভিজন ৫ৰ জেনেৰেল কমাণ্ডিং অ’ফিচাৰ ৰাজেশ কুমাৰ ঝা, স্থানীয় বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ টি এন থংডক আৰু মুখ্য মন্ত্ৰীৰ উপদেষ্টা জাপু ডেৰিও উপস্থিত থাকে।

জানিবপৰা অনুসৰি মুখ্য মন্ত্ৰীয়ে সেনাৰ বিভিন্ন সমস্যাৰাজী তথা প্ৰাক্তন সেনাসকলৰ কল্যাণকামী ব্যৱস্থা সম্পৰ্কত আলোচনা কৰে।

ৰাজ্য চৰকাৰৰ এনে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে জেনেৰেল কমাণ্ডিং অ’ফিচাৰে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভূমি ক্ষতিপূৰণৰ উচ্চ হাৰ সম্পৰ্কত পুনৰ এবাৰ বিবেচনা কৰিবলৈও চৰকাৰৰ ওচৰত অনুৰোধ জনায়।

মুখ্য মন্ত্ৰী খাণ্ডুৱে জনসাধাৰণৰ লগত সু সম্পৰ্ক বজাই ৰখা কাৰ্যক সন্তুষ্টি প্ৰকাশ কৰি সেনাক ধন্যবাদ জ্ঞাপন কৰে আৰু সেনাৰ সকলোধৰণৰ সুৰক্ষা সম্বন্ধীয় কাৰ্য কলাপত পাৰ্যমানে সহযোগিতা আগবঢ়োৱাৰো নিশ্চয়তা প্ৰদান কৰে।

সেনাৰ অনুৰোধ মৰ্মে খাণ্ডুৱে প্ৰাক্তন সৈনিকসকলৰ কল্যাণৰ বিষয়টো ৰাজ্য সৈনিক বোৰ্ডৰ অধীনত নিৰীক্ষণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।

লগতে তেওঁ এই সম্পৰ্কত জিলাৰ উপায়ুক্তসকলক ব্যৱস্থা গ্ৰহণৰ বাবে দায়িত্ব অৰ্পণ কৰা কথাও উল্লেখ কৰে।

ইয়াৰ উপৰি বমডিলাস্থিত সৈনিক আৰাম ঘৰৰ সৈতে একেলগে প্ৰাক্তন সৈনিকসকলৰ বাবে এটা প্ৰাক্তন সৈনিক কোষ স্থাপন কৰিব বুলিও আশ্বাস প্ৰদান কৰে খাণ্ডুৱে।

আনহাতে প্ৰযোজনীয় আন্তঃগাথনি প্ৰতিষ্ঠা কৰাৰ বাবে ভূমি আৱণ্টন কৰি অৰুণাচল স্কাউটছক শক্তিশালী কৰা বিষয় সন্দৰ্ভতো জেনেৰেল কমাণ্ডিং অ’ফিচাৰৰ তৰফৰ পৰা মুখ্য মন্ত্ৰীক বিষয়টো বিবেচনা কৰিবলৈ অনুৰোধ জনায়।

তাৰোপৰি সুৰক্ষাৰ খাতিৰত লীজত লোৱা ভূমিৰ সময়সীমা দীৰ্ঘদিনলৈ বৃদ্ধি কৰাৰ সুবিধা প্ৰদান কৰিবলৈও অনুৰোধ জনায় সেনাৰ শীৰ্ষ নেতাই।