NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী হিমন্তক কটাক্ষ কৰি CIDৰ ৰোষত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা; সোধ-পোচৰ বাবে দিলে চমন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 22, 2021 5:32 pm

অতদিনে হিন্দুত্ব সুৰক্ষিত কৰাৰ নামত লম্ফ-জম্ফ কৰি অহা সত্যৰঞ্জন বৰা এইবাৰ শ’লঠেকত পৰা পৰিলক্ষিত হৈছে।

বহুদিনে চৰম সাম্প্ৰদায়িক তথা মুছলমান বিৰোধী মন্তব্যৰে সমাজত বিষবাস্প চটিয়াবলৈ চেষ্টা কৰি অহাৰ পাছত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ৰাজ্যৰ বহুকেইখন থানাত গোচৰ ৰুজু হৈছিল যদিও আৰক্ষী-প্ৰশাসনে বৰ বিশেষ ভুমিকা লোৱা নাছিল।

কিন্তু এইবাৰ ৰাজহুৱাকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ আগত কটাক্ষ কৰাৰ পাছতে এতিয়া চিআইডিয়ে আজমলৰ ফেক ভিডিঅ’ সন্দৰ্ভত সোধ-পোচৰ বাবে তলব কৰে।

তেওঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি ফেচবুকত লিখিছিল ‘মোৰ বাবে আজিৰ প্ৰেক্ষাপটত মানে অসমীয়াৰ জাতীয় সত্তা আৰু হিন্দু সভ্যতা-সংস্কৃতি ৰক্ষাৰ বাবে Himanta Biswa Sarma এক অপ্ৰাসংগিক ব্যক্তি !! তেওঁৰ কথা-কৰ্মই সেই কথা স্পষ্ট কৰি দিছে। কোনোবাই ভৰিত ধৰি পৰি থাকিব পাৰে; পৰি থাকক। এদিন নিশ্চিতভাৱে কান্দিব !!! অসমত অসমীয়া আৰু হিন্দু সমাজক প্ৰকৃতাৰ্থত ৰক্ষা কৰিবলৈ হ’লে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত চৰিত্ৰ উপলব্ধি কৰিব পাৰিব লাগিব !!’

ইয়াৰ পাছতে আজি বিতৰ্কিত হিন্দুত্ববাদী নেতাগৰাকীক চিআইডিয়ে আজমলৰ ফেক ভিডিঅ’ চ’ছিয়েল মেডিয়াত আপল’ড কৰা সন্দৰ্ভত সোধ-পোচৰ বাবে তলব কৰে।

ইপিনে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰাৰ পাছতেই সত্যৰঞ্জন বৰাক ‘মহুৱা’ বনাব বিচাৰিছে বুলি নৰ্থ ইষ্ট নাওৰ আগত মন্তব্য কৰে সত্যৰঞ্জন বৰাই।

চিআইডিয়ে সোধ-পোচ কৰাৰ পাছত সত্যৰঞ্জন বৰাই আমাৰ সাংবাদিকে সোধাত তেওঁ কয় ‘LRO নামৰ সংস্থাটোৱে মোৰ নাম লৈছিল ভিডিঅ’টো যোগান ধৰা আৰু শ্বেয়াৰ কৰা বুলি। সেই কথাটো অতি ভিত্তিহীন কথা আছিল। কিন্তু চিআইডিৰ তদন্তত ওলাই পৰিল মই ভিডিঅ’টো নিজে আপলোড কৰা নাই। মই কেৱল বেলেগৰ লিংকহে শ্বেয়াৰ কৰিছো।‘

ইপিনে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰাৰ পাছতে চিআইডিয়ে তলব কৰা বুলি সন্দেহ প্ৰকাশ কৰি সত্যৰঞ্জনে লগতে কয় ‘শিলচৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি আপলোড দিয়া ভিডিঅ’টো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেইচবুক পেইজৰ পৰা হৈছিল। LRO য়ে ভিডিঅ’টো টুইটাৰত আপলোড কৰোঁতে হিমন্ত বিশ্ব শৰ্মাক মেনশ্যন কৰিছিল। এই প্ৰক্ৰিয়াৰ পৰা গম পোৱা যায় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ LRO ৰ সৈতে ক’ৰবাত নহয় ক’ৰবাত সম্পৰ্ক আছে।‘

‘এই নাম সাঙুৰ খোৱা মানুহখিনিক বচাবৰ বাবে সত্যৰঞ্জন বৰাক মহুৰা বনাব পাৰে। তেওঁলোকৰ চৰিত্ৰত আছে ক্ষমতা দখলৰ বাবে যিকোনো পৰ্য্যায়লৈ যাব পাৰে। মিছাৰ বাহিৰে তেওঁলোকে একো চিন্তাই কৰিব নোৱাৰে। মিছলীয়া ভুৱা কথা কোৱা মানুহৰ কৰ্মৰ লগত সম্পৰ্কই নাই। এনেকুৱা মানুহে এনেবোৰ কাম কৰিবই পাৰে, নকৰিব বুলি ক’ব নোৱাৰি ১০০ শতাংশ কৰিব পাৰে।‘ হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈ কটাক্ষ কৰে সত্যৰঞ্জন বৰাই।

ইপিনে, চিআইডিয়ে সোধ-পোচ কৰি এৰি দিয়াৰ পাছত ইয়াক ‘হেলিকপ্তাৰ শ্বট’ আখ্যা দি তেওঁ লগতে কয় ‘মিছলীয়াবোৰৰ সন্মুখত এইটো হেলিকপ্তাৰ শ্বট। তেওঁলোকে বাউন্সাৰ মাৰক য়’কাৰ মাৰক সত্যৰঞ্জন বৰাই হেলিকপ্তাৰ শ্বটটো মাৰিবই।‘

হিন্দুত্ব ৰক্ষাৰ শ্ল’গান দিয়াৰ পৰিৱৰ্তে এতিয়া এনেদৰেই বিজেপিৰ নেতা বিশেষকৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেহে সৰৱ হৈ পৰিছে সত্যৰঞ্জন বৰা।