NORTHEAST NOW (Assamese)
Popular Stories

অৱশেষত বলিউডৰ বাদশ্বাহ শ্বাহৰুখেও চোবালে বিমল পান মচলা! টুইটাৰ ভৰি পৰিল মিমেৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 22, 2021 8:12 pm

অজয় দেৱগন আৰু শ্বাহৰুখ খানক লৈ শেহতীয়াকৈ টুইটাৰত মিমেৰে ভৰি পৰিছে।

বলিউডৰ দুইজন চুপাৰষ্টাৰে একেলগে গুটখা ব্ৰেণ্ড ‘বিমল’ৰ শেহতীয়া বিজ্ঞাপন এটাত অভিনয় কৰিছে।

বিজ্ঞাপনটো তৎক্ষণাৎ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে দুইজন অভিনেতাই আজিলৈকে এখনো চিনেমাত একেলগে অভিনয় কৰা নাই।

সেই লৈ তেওঁলোকৰ অনুৰাগীসকলৰ মাজত দুয়োৰে সম্পৰ্কক লৈ নানা গুজৱৰ সৃষ্টি হৈছিল।

কিন্তু বিজ্ঞাপনটোৰ পাছত স্পষ্ট হয় যে তেওঁলোকৰ মাজৰ সম্পৰ্ক ঠিকেই আছে।

আনহাতে, ‘বিমল’ৰ হৈ অজয় দেৱগণে বহু বছৰৰ পৰা বিজ্ঞাপনত অংশ লৈ আহিছে।

অজয় দেৱগণৰ স’তে নতুনকৈ শ্বাহৰুখ খানে বিমলৰ বিজ্ঞাপনত অংশ লোৱাক লৈ অনুৰাগীসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

টুইটাৰত অনুৰাগীসকলে বিভিন্নধৰণৰ মিম শ্বেয়াৰ কৰা দেখা গৈছে।

বহুতো অনুৰাগীয়ে গুটখাৰ বিজ্ঞাপনত বলিউডৰ বাদশ্বাহ শ্বাহৰখে অংশগ্ৰহণ কৰাক লৈ সুখী নহয়।

টুইটাৰত শ্বেয়াৰ কৰা মিমসমূহ চাওক-

উল্লেখযোগ্য যে প্ৰায় দুবছৰ পাছত শ্বাহৰুখে শেহতীয়াকৈ ‘পাঠান’ নামৰ চিনেমাখনত ব্যস্ত আছে।

সিদ্ধাৰ্থ আনন্দে পৰিচালনা কৰা চিনেমাখনত শ্বাহৰুখৰ স’তে অভিনয় কৰিছে দীপিকা পাডুকন আৰু জন আব্ৰাহামে।

আনহাতে, অজয় দেৱগণ ব্যস্ত আছে ‘ভূজ’, ‘ময়দান’ আৰু ‘আৰআৰআৰ’ নামৰ চিনেমাকেইখনৰ কামত।