NORTHEAST NOW (Assamese)
Popular Stories

আপোনাৰ চাকৰিটোক লৈ আপুনি সুখী নহয় নেকি? তেন্তে আপুনি নিঃসংগ নহয়!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 23, 2021 7:38 pm

আপুনি আপোনাৰ চাকৰিটোৰ ক্ষেত্ৰত সুখী নহয় নেকি?

আপোনাৰ বছে আপোনাৰ জীৱন আৰু কামৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে নেকি?

অথবা কৰ্মস্থানত সন্তুষ্টি নাপাই আপুনি চাকৰিটো পৰিত্যাগ কৰাৰ কথা ভাবিছে নেকি?

তেনেহ’লে আপুনি নিঃসংগ নহয়!

চলিত বৰ্ষত বিভিন্ন খণ্ডত কৰ্মৰত বিশ্বজুৰি ৪০ শতাংশ কৰ্মচাৰীয়ে চাকৰি পৰিত্যাগ কৰাৰ কথা ভাবিছে।

ইয়াৰে ৫৪ শতাংশই কৰ্মস্থানত অতিমাত্ৰা কাম কৰাৰ হেঁচা পাইছে আৰু ৩৯ শতাংশই ভাগৰুৱা অনুভৱ কৰিছে।

‘মাইক্ৰচফট’ৰ ‘ৱৰ্ল্ড ট্ৰেণ্ড ইনডেক্স’-এ চলোৱা এটা সমীক্ষাত সোমবাৰে এই তথ্য লাভ কৰা হৈছে।

আনহাতে, সমীক্ষাটোৰ মতে, বিভিন্ন ধৰণৰ ব্যৱসায়ত জড়িত ৬১ শতাংশ লোকে কৈছে যে তেওঁলোকে তেওঁলোকৰ ব্যৱসায় বৃত্তিত সন্তুষ্টি লাভ কৰিছে।

ব্যৱসায় বৃত্তিত সন্তুষ্টি লাভ কৰা বেছিভাগেই যুৱক-যুৱতী।

সমীক্ষাটোত ৩১খন দেশৰ প্ৰায় ৩০,০০০ লোকক জড়িত কৰা হৈছিল।