NORTHEAST NOW (Assamese)
অসম

মহানগৰীত চুলাইৰ ভাটীত আবকাৰী বিভাগৰ অভিযান; বৃহৎ পৰিমানৰ সুৰা জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2020 8:03 pm
WhatsApp Image 2020-11-19 at 6.19.52 PM

আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই মহানগৰীত দেশী -বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে।

বৃহস্পতিবাৰে পুৱাৰ ভাগত কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰই চাংমাইঘুলি  আৰু লালমাটি পাহাৰত আঠটা চুলাই মদ প্ৰস্তুত কৰা ভাটীত এক  বৃহত্তম অভিযান চলায় ।

অভিযানত চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত  প্ৰায় ৮ হাজাৰ লিটাৰৰো অধিক পাছ, প্ৰায় ২০০ লিটাৰ চুলাই মদ, ১৬ টা সা-সঁজুলি আৰু ৫০ টা ডাঙৰ ড্ৰাম জব্দ কৰা হয়।

অৱশ্যে অভিযানৰ উমান পাইয়ে মদ প্ৰস্তুতৰ লগত জড়িত লোকসকল কৌশলেৰে পলাই যাবলৈ সক্ষম হয়।