NORTHEAST NOW (Assamese)
অসম

তালিবানৰ পুনৰুত্থানৰ প্ৰত্যাশা! প্ৰথমবাৰৰ বাবে আফগানিস্তান ভ্ৰমণ পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2020 7:52 pm
Imran_Khan

প্ৰথমবাৰৰ বাবে আফগানিস্তান ভ্ৰমণসূচীলৈ আফগানিস্তানত উপস্থিত হৈছে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান।

বৰ্দ্ধিত হিংসাত্মক ঘটনাৰাজিৰ মাজতে আফগানিস্তান চৰকাৰ আৰু তালিবানৰ প্ৰতিনিধিৰ মাজত হৈ থকা শান্তি বুজাপৰা আলোচনাত অংশলোৱাৰ বাবেই ইমৰাণ খানে আফগানিস্তান ভ্ৰমণলৈ গৈছে।

আফগানিস্তানত বৰ্দ্ধিত হিংসাত্মক ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে পাকিস্তানৰ সমৰ্থন সন্দৰ্ভত আলোচনা কৰাৰ বাবে ইমৰাণে আফগানিস্তানলৈ গৈছে বুলি মতপ্ৰকাশ কৰে।

পাকিস্তানৰ সদিচ্ছাৰ বাবেই আফগানিস্তানত তালিবান বিদ্ৰোহী আৰু আফগানিস্তান চৰকাৰৰ মাজত শান্তি আলোচনা আৰম্ভ হৈছে বুলিও ইমৰাণ খানে সদৰী কৰে।

উল্লেখযোগ্য যে, পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে বহুবাৰ আফগানিস্তানত সন্ত্ৰাসবাদী কাৰ্য্যকলাপ বৃদ্ধিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰক জগৰীয়া কৰি আহিছে।

ভাৰত আৰু আফগানিস্তান চৰকাৰৰ মাজত সুসম্পৰ্ক চলি থকাৰ সময়ত পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ আফগানিস্তান ভ্ৰমণে তাৎপৰ্য্য বহন কৰিছে।