NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পুনৰ কা বিৰোধী আন্দোলন; শিৱসাগৰ, বিশ্বনাথত আছুৰ অনশন কাৰ্যসূচী ৰূপায়ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2021 1:40 pm
CAA protest in the State

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি ৰাজ্যজুৰি আছুৰ কৰ্মীসকলে অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে।

সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আজি কা বাতিলৰ দাবীত এঘাৰ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত পুৱা ছয় বজাৰ পৰা বিয়লি পাঁচ বজালৈ এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰি কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।

সেইদৰে, সদৌ অসম ছাত্ৰ সন্থা আহ্বানত আজি সমগ্ৰ অসমৰ লগতে বিশ্বনাথতো  আছুৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত ১১ ঘন্টীয়া অনশন কাৰ্যসূচী পালন কৰা হয়।

বিশ্বনাথ চাৰিআলি শ্বহীদ ভৱনৰ সন্মূখত পূৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে পালন কৰা হ’ব এই অনশন কাৰ্যসূচী।

‘কা আমি নামানো’, ‘কা বিৰুদ্ধে আমি যুঁজিম’, ‘আমি জিকিম’, ‘কোনো বিদেশীৰ বোজা অসমে গ্ৰহণ নকৰে’, ‘কা ছাত্ৰ সমাজে নামানে’ আদি বিভিন্ন প্লে কাৰ্ড হাতত লৈ আছুৰ সদস্যসকলে উক্ত কাৰ্যসূচী পালন কৰে।