NORTHEAST NOW (Assamese)
অসম

‘পূৰ্বৰ হিৰ’ হিমন্ত বিশ্ব শৰ্মা এইবাৰ জিৰ’ হিমন্ত বিশ্ব শৰ্মা হ’ব’: কোনে কৰিলে এই বিস্ফোৰক দাবী?

Posted by: প্ৰাঞ্জল দেউৰী Updated by: প্ৰাঞ্জল দেউৰী March 24, 2021 6:11 pm
Himanta-Biswa-Sarma

নিৰ্বাচনৰ বতৰত ৰাজনৈতিক নেতাসকলৰ বাকযুদ্ধই আকৰ্ষণীয় ৰূপ লোৱা দেখা গৈছে। কি শাসকীয় কি বিৰোধী! সকলো ৰাজনৈতিক দলেই প্ৰতিপক্ষক বাকযুদ্ধৰে ধাৰাষাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা দেখা গৈছে।

যেন নিৰ্বাচনৰ পূৰ্বৰ বাকযুদ্ধত জয়ী হোৱা মানেই নিৰ্বাচনী ৰণত জয়ী হোৱা!

এনে এক পৰিৱেশত এইবাৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে যে ‘পূৰ্বৰ হিৰ’ হিমন্ত বিশ্ব শৰ্মা এইবাৰ জিৰ’লৈ ৰূপান্তৰ হ’ব।

সোণাৰীত মিত্ৰজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী সুশীল চুড়ীৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য কৰে।

“হিমন্ত বিশ্ব শৰ্মা আগতে হিৰ’ আছিল, এইবাৰ জিৰ’ হৈ যাব।” মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে স্বভাৱসুলভ ভংগীমাৰে এই তীৰ্যক মন্তব্য কৰে প্ৰাক্তন বিচিটি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

ইফালে বিজেপি মিত্ৰজোঁটে নিৰ্বাচত পৰাজিত হ’ব বুলি দাবী কৰিছে মহাজোঁটৰ ষ্টাৰ কেম্পাইনাৰ হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামাৰ মতে কংগ্ৰেছৰ নেতৃত্বত এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত।

আনকি নিৰ্বাচনত পৰাস্ত হ’ব বুলি জানিয়েই আগতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ নাচি ফুৰা বুলিও কটাক্ষ কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

“ৰিজাল্টৰ পিছত নাচিবলৈ সুবিধা নাপাব বাবেই হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ নাচিছে।” স্বভাৱজাত কথনভংগীৰে এইদৰে কয় মহিলাৰীয়ে।

ইফালে মুখ্যমন্ত্ৰী হ’বলৈ হিমন্ত বিশ্বৰ শৰ্মাৰ ‘ভাগ্যও নাই, যোগ্যতাও নাই’ বুলি পুনৰ দাবী কৰি হাগ্ৰামাই আকৰ্ষণীয় কথনভংগীৰে কয়, “হিমন্তই মোক এৰেষ্ট কৰিব বিচাৰি আছে, সেয়ে মই ঘৰত নাথাকো। প্ৰায় দুই তিনি মাহৰ পৰা ঘৰ যোৱা এৰিছো আৰু ঘৰলৈ গ’লেও লুকাই লুকাই যাওঁ।”

১০৬ নং সোণাৰী বিধানসভা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী কংগ্ৰেছৰ সুশীল চুড়ীৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, এআইচিচিৰ প্ৰতিনিধি মহান প্ৰকাশৰ লগতে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি প্ৰবিত্ৰ শইকীয়া, সাধাৰণ সম্পাদক উৎপল গগৈ, অনুজ বৰকটকী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণু সন্দিকৈৰ আদি কংগ্ৰেছৰ নেতা-নেত্ৰীসকলো উপস্থিত থাকে।