NORTHEAST NOW (Assamese)
Popular Stories

লখিমপুৰত নামভৰ্তি বন্ধ কৰি ভ্ৰমণলৈ গ’ল অধ্যক্ষ; ক্ষুব্ধ স্থানীয় ৰাইজসহিতে অভিভাৱক…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2025 4:12 pm

লখিমপুৰ জিলাৰ ঢকুৱাখনা সমজিলাৰ ঘিলামৰা সদৰত অৱস্থিত আদৰ্শ বিদ্যালয় এখনত অধ্যক্ষ লক্ষ্য জ্যোতি হাজৰিকাৰ নানা অনিয়ম আৰু স্বৈচ্ছাচাৰিতাৰ অভিযোগ উঠিছে। বিদ্যালয়খন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE)ৰ অন্তৰ্গত ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান হোৱাৰ পিছতো, অধ্যক্ষগৰাকীৰ অবিবেচকী কাৰ্যকালাপে শিক্ষাসদী ৰাইজক অতিষ্ঠ কৰি তুলিছে। তেখেতে বিদ্যালয়ৰ নিৰ্দেশনাক উপেক্ষা কৰি নিজৰ ইচ্ছামতে বিদ্যালয় চলাই থকা অভিযোগ উত্থাপিত হৈছে।

শৈক্ষিক ভ্ৰমণৰ নামত বিদ্যালয়খনৰ গেটত তালা মাৰি শিক্ষক-কর্মচাৰীসহ শিক্ষাৰ্থী সকলক লৈ নাৰায়ণপুৰলৈ ৰাওনা হোৱাৰ ফলত বহু সংখ্যক অভিভাৱক বিদ্যালয়ত নামভৰ্তিৰ প্ৰপত্ৰ সংগ্ৰহ নকৰি বিমুখ হৈ ঘৰলৈ উভতি যায়। বিশেষকৈ বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ দ্বাৰা শিক্ষাৰ্থী সকলৰ পৰা ৫০০ টকাকৈ পুঁজি সংগ্ৰহ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যমত এই ঘটনাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছত অভিভাৱকসকলে বিদ্যালয়খনত নামভৰ্তি নকৰাৰ সিদ্ধান্ত লৈছে।

সেই অনুসৰি, মধ্যাহ্ন ভোজনৰ পুঁজিৰ অপব্যৱহাৰ, খেল সামগ্ৰী ক্ৰয়ৰ নামত বিত্তীয় অনিয়ম, আৰু বিদ্যালয়ৰ বাবে প্ৰাপ্ত চৰকাৰী পুঁজিৰ অপচয়ৰ সন্দেহ উত্থাপিত হৈছে। বিদ্যালয়লৈ ২৫ হাজাৰ টকা খেল সামগ্ৰী কিনিবলৈ আৱণ্টন কৰা হৈছিল, কিন্তু কোনো নতুন সামগ্ৰী অভিভাৱক বা শিক্ষাৰ্থী সকলে প্ৰত্যক্ষ নকৰে। লগতে, বিদ্যালয়ৰ আবণ্টিত ফাৰ্নিচাৰ পুঁজিৰো অন্য ব্যৱহাৰৰ সন্দেহ প্ৰকাশ পাইছে।

এই ধৰণৰ বিত্তীয় অনিয়ম আৰু অপশাসনলৈ ক্ষুব্ধ স্থানীয় ৰাইজ, যাৰ ফলত বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যালয়খন ঘিলামৰাৰ শিক্ষাক্ষেত্ৰৰ উন্নতিৰ বাবে স্থাপিত হোৱাৰ পিছতো, অধ্যক্ষৰ দায়িত্বহীনতা আৰু স্বেচ্ছাচাৰিতাই বিদ্যালয়খনক বিত্তীয় অনিয়মৰ কেন্দ্ৰস্থলীত পৰিণত কৰিছে। পৰৱৰ্তী সময়ত অধ্যক্ষগৰাকীৰ দুষ্কাৰ্যসমূহ অধিক উন্মোচিত হোৱাৰ সম্ভাৱনা আছে।