NORTHEAST NOW (Assamese)
দেশ

ডেটিং এপত লগ পোৱা এগৰাকী মহিলাৰ জালত পৰি নয়ডাৰ ব্যৱসায়ীয়ে হেৰুৱালে ৬.৫ কোটি টকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2025 4:11 pm

সম্প্ৰতি সুলভ হৈ পৰিছে চাইবাৰ অপৰাধৰ ঘটনা। সঘনাই সংঘটিত হোৱা এনে ঘটনাই এতিয়া উদ্বেগৰ সৃষ্টি কৰিছে। শেহতীয়া কৈ এনে ঘটনা সংঘটিত হৈছে নয়ডাত। ঘটনাক্ৰম অনুসৰি ডেটিং এপত লগ পোৱা এগৰাকী মহিলািলজীত সিঙ নামৰ ব্যক্তিগৰাকীক ভুৱা অনলাইন ট্ৰেডিং প্লেটফৰ্মত বিনিয়োগ কৰিবলৈ পতিয়ন নিয়াইছিল।

৩৬ নং ছেক্টৰৰ বাসিন্দা তথা দিল্লীস্থিত কোম্পানী এটাৰ স্বত্বাধিকাৰী দিলজীত সিঙে ঘটনা সন্দৰ্ভত চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ  শাখাত এজাহাৰ দাখিল কৰে।  ভুক্তভোগীয়ে সদৰী কৰা অনুসৰি ২০২৪ চনৰ ডিচেম্বৰ মাহত ডেটিং এপত লগ পোৱা অনিতা চৌহান নামৰ এগৰাকী মহিলাই তেওঁক ট্ৰেডিং ৱেবছাইটত বিনিয়োগ কৰিবলৈ পতিয়ন নিয়াইছিল।

প্ৰথমতে তেওঁ ৩.২ লাখ টকা বিনিয়োগ কৰি ২৪ হাজাৰ টকা লাভ কৰে। তেওঁ পৰৱৰ্তী সময়ত মুঠ ৬.৫২ কোটি টকা  বিভিন্ন বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছিল। তেওঁ ঋণ লোৱা ধন ব্যৱহাৰ কৰিছিল বুলি জানিবলৈ দিছে

কিন্তু যেতিয়া তেওঁ SpreadMKT আৰু Spprecdex.cc ৱেবছাইটৰ পৰা নিজৰ ধন উলিয়াবলৈ চেষ্টা কৰিছিল, তেতিয়া প্লেটফৰ্মে ৩০% নিৰাপত্তা মাচুলআৰু বিনিময় সেৱা মাচুলহিচাপে অতিৰিক্ত ৬১ লাখ টকা  দাবী কৰিছিল। ইয়াৰ ফলত   এই প্লেটফৰ্ম কেইটাৰ ওপৰত সন্দেহ ওপজে আৰু তেওঁ নিজৰ আৰু মাতৃৰ সুৰক্ষাৰ কথা  চিন্তা কৰি আৰক্ষীৰ কাষ চাপে।

তদন্তত সহায়ৰ হেতু তেওঁ  লেনদেনৰ সবিশেষ আৰু অনিতাৰ যোগাযোগৰ তথ্য আৰক্ষীক প্ৰদান কৰিছে। এতিয়া বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে বিষয়াসকলে।