NORTHEAST NOW (Assamese)
Popular Stories

এছিয়ান ৱৰ্ল্ড ফিল্ম ফেষ্টিভেল : উজ্বলি উঠিল ভাৰতৰ অভিনেতা আদৰ্শ গৌৰৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 25, 2021 7:11 am

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি ভাৰতৰ এজন প্ৰতিভাৱান অভিনেতা।

‘দ্যা হোৱাইট টাইগাৰ’ নামৰ চিনেমাখনত অভিনয় কৰি অভিনেতা আদৰ্শ গৌৰৱে এছিয়ান ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলত ‘ৰাইজিং ষ্টাৰ এৱাৰ্ড’ লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে আদৰ্শ গৌৰৱে চিনেমাখনৰ জৰিয়তে অতি কম দিনৰ ভিতৰতে ঘোষিত বাফটা আৰু ফিল্ম ইণ্ডিপেণ্ডেণ্ট স্পিৰিট এৱাৰ্ডৰো মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে।

কভিড-১৯ মহামাৰিৰ বাবে ভাৰ্চুৱেলী অনুষ্ঠিত হোৱা ফিল্ম ফেষ্টিভেলখনত অস্কাৰ বিজয়ী ‘লাইফ অৱ পাই’ৰ প্ৰযোজক গিল নেট্টাৰ, পৰিচালক জিন মাৰ্ক ভেল্লীকে ধৰি কেইবাজনো আগশাৰীৰ চিনেমা নিৰ্মাতাৰে গঠিত বিচাৰমণ্ডলীয়ে আদৰ্শ গৌৰৱক এই বঁটা প্ৰদান কৰিছে।

বঁটা লাভ কৰি অভিনেতাজনে কয় যে চিনেমাখনত অভিনয় কৰিবলৈ পাই তেওঁ কৃতজ্ঞ।

বুকাৰ বিজয়ী লেখক অৰবিন্দ আদিগাৰ উপন্যাস ‘দ্যা হোৱাইট টাইগাৰ’ৰ আধাৰত চিনেমাখন পৰিচালনা কৰিছে ইৰাণীয়ান-আমেৰিকান পৰিচালক ৰামিন বাহৰানিয়ে।

ইতিমধ্যে বাহৰানিয়ে চিনেমাখনৰ বাবে বাফটা আৰু অস্কাৰৰ মনোনয়নো লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে ‘দ্যা হোৱাইট টাইগাৰ’ত আদৰ্শ গৌৰৱে ৰূপায়ন বলৰাম নামৰ চৰিত্ৰটোৱে কেনেদৰে এখন ভিতৰুৱা গাঁৱৰ পৰা আহি ভাৰতৰ এজন সফল উদ্যোগপতি হিচাপে পৰিগণিত হয়, তাক বৰ্ণনা কৰা হৈছে।

তদুপৰি ‘দ্যা হোৱাইট টাইগাৰ’ত নব্য উদাৰীকৰণ নীতিৰ ফলত ভাৰতৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থাক উপস্থাপন কৰা হৈছে।