NORTHEAST NOW (Assamese)
অসম

জামুগুৰিহাটত ভাৰতীয় সেনাৰ পুৰণি মৰ্টাৰ ফুটি দুজন ব্যক্তি আহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2019 6:13 pm

শোনিতপুৰ জিলাৰ জামুগুৰিহাটত আজি এটা পুৰণি অব্যৱহৃত মৰ্টাৰ বিস্ফোৰিত হৈ দুজন লোক আঘাতপ্ৰাপ্ত হ’বলগীয়া হয়।

প্ৰাপ্ত তথ্য মতে আজি দিনৰ প্ৰায় ১১ বজাত জিলাখনৰ জামুগুৰিহাট আৰক্ষী থানা অন্তৰ্গত ৰঙাচুকুৱাৰ সমীপৰ বটামাৰী গাঁৱত উক্ত মৰ্টাৰটোৰ বিস্ফোৰণ ঘটে।

আহত ব্যক্তিকেইজনক বটামাৰীৰ বাসিন্দা ৰঘু বৰা (৪৮) আৰু ৰাজু কুমাৰ চেত্ৰী (৪৫) বুলি চিনাক্ত কৰা হৈছে।

একাংশ স্থানীয় লোকে জনোৱা অনুসৰি বিস্ফোৰণ ঘটা মৰ্টাৰটো অঞ্চলটোত চলি থকা ঘাইপথ নিৰ্মাণৰ কামৰ বাবে ডেকৰাই অঞ্চলৰ পৰা অনা মাটিৰ দ’মত সোমাই আহিছিল।

মৰ্টাৰটো সেনাবাহিনীৰ বুলি অনুমান কৰা হৈছে যিটো ডেকৰাইৰ পৰা পথ নিৰ্মাণ শ্ৰমিকে কঢ়িয়াই অনা মাটিৰ দ’মৰ সৈতে ক’ব নোৱৰাকৈ গুচি আহিল।

আৰক্ষীৰ মতে, মাটি তোলা ঠাইখিনি সেনাবাহিনীয়ে পূৰ্বতে শ্বুটিং ৰেঞ্জ হিচাপে ব্যৱহাৰ কৰিছিল।