NORTHEAST NOW (Assamese)
অসম

গুলীবিদ্ধ শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী; সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 16, 2024 10:03 am

কেবিনেট বৈঠক শেষ হৈছিল মাত্ৰ। তেতিয়াই বন্দুকৰ গুলীৰ শব্দ শুনা গ’ল। শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোক গুলীয়াই আহত কৰা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি তেওঁক চাৰিবাৰ গুলীচালনা কৰা হৈছে।

শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাতিশ্লোভাৰ পৰা ১০০ মাইল উত্তৰ-পূবে অৱস্থিত হেণ্ডলোভা চহৰৰ “হাউছ অৱ কালচাৰ” বিল্ডিঙত এজন আততায়ীয়ে আক্ৰমণ চলায়। সূত্ৰ অনুসৰি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

ইফালে প্ৰধানমন্ত্ৰী ফিকোৰ দেহত চাৰিটা গুলীৰ আঘাত পোৱা বুলি জানিব পৰা গৈছে। তাৰে এটা পাকস্থলীত লাগিছে। অৱশ্যে আক্ৰমণকাৰীয়ে কাৰ বা কিহৰ বাবে এই কাম কৰিলে সেয়া আৰক্ষীয়ে জানিব পৰা নাই।

লগতে পঢ়কঃ আভ্যন্তৰীণ কন্দল! `জয়ন্ত মল্লবৰুৱাক মুখ বন্ধ কৰি ৰাখিবলৈ কওক’-মুখ্যমন্ত্ৰীলৈ বিজেপি বিধায়কৰ আহ্বান

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, এজন প্ৰত্যক্ষদৰ্শীয়ে একেৰাহে চাৰিবাৰকৈ বন্দুকৰ গুলীৰ শব্দ শুনিছিল। এজন লোকক ডিঙিত ধৰি আৰক্ষীৰ গাড়ীত উঠাই নিয়াও দেখিছিল। বিশ্বাস কৰা হয় যে সেইজন ব্যক্তিয়েই আক্ৰমণকাৰী।

ৰাষ্ট্ৰপতি জুজানা কাপুটোভাই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয় যে তেওঁ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ কাষত থিয় দিছে। ইফালে এই ঘটনাৰ বাবে সংসদৰ অধিৱেশন অনিৰ্দিষ্টকালৰ বাবে পিছুৱাই দিয়া হৈছে।

এখন দেশৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীক গুলীওৱাটো কোনো নতুন কথা নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো এনেকুৱা হৈছে আৰু আনকি তাত মৃত্যুও হৈছে।

লগতে পঢ়কঃ ঘৰৰ ল’ৰা ৰিয়ানৰ ধৈৰ্যশীল ইনিংছ! অধিনায়ক কুৰানৰ বিক্ৰমেৰে গুৱাহাটীত ৰাজস্থানক হৰুৱালে পঞ্জাবে

শেহতীয়া সময়ৰ কথা ক’ব গ’লে ২০২২ চনৰ কথা ক’ব পাৰি। সেই বছৰৰ জুলাই মাহত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক গুলীয়াই হত্যা কৰা হৈছিল। নাৰা চহৰত প্ৰচাৰ অভিযানত ভাষণ দি থকাৰ সময়তে টেটছুয়া ইয়ামাগামীয়ে তেওঁক পিছফালৰ পৰা গুলীয়াই হত্যা কৰে। ঘটনাস্থলীৰ পৰাই ৪১ বছৰীয়া লোকজনক গ্ৰেপ্তাৰ কৰা হৈছিল।