NORTHEAST NOW (Assamese)
অসম

অসুস্থ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ; ভৰ্তি কৰা হৈছে সেনা হাস্পাতলত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 26, 2021 3:27 pm
WhatsApp Image 2021-03-26 at 3.03.42 PM

ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ অসুস্থ হৈ পৰিছে। শুকুৰবাৰে হঠাতেই অসুস্থ হৈ পৰে ৰাষ্ট্ৰপতিগৰাকী। তেওঁ বুকুত যন্ত্ৰণা অনুভৱ কৰা বুলি কোৱা হৈছে।

ৰাষ্ট্ৰপতিগৰাকীক ততাতয়াকৈ দিল্লীৰ সেনা হাস্পাতললৈ লৈ যোৱা হয়। প্ৰাথমিক পৰীক্ষাৰ অন্তত তেওঁক হাস্পাতলত ভৰ্তি কৰোৱা হয়।

বৰ্তমান চিকিৎসকৰ সুক্ষ্ম নিৰীক্ষণত থকা ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সুস্থিৰ থকা বুলি জানিবলৈ দিয়ে হাস্পাতলৰ সূত্ৰই।

শুকুৰবাৰে পুৱাই হাস্পাতলত ভৰ্তি কোৰৱা হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক।

দিল্লীৰ সেনা হাস্পাতলৰ সূত্ৰই জানিবলৈ দিয়ে যে আজি পুৱাই ৰাষ্ট্ৰপতিগৰাকীয়ে বুকুত যন্ত্ৰণা অনুভৱ কৰে। সেয়ে তেওঁক হাস্পাতলত ভৰ্তি কৰোৱা হৈছে।

হাস্পাতল সূত্ৰই লগতে জানিবলৈ দিয়ে যে ৰাষ্ট্ৰপতিগৰাকীৰ বৰ্তমান ৰুটিন চেক আপ কৰি থকা হৈছে। ৭৫বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীৰ অসুস্থতাক লৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই তকা হৈছে।

ৰাষ্ট্ৰপতিগৰাকীৰ অসুস্থ হোৱাৰ খবৰ লাভ কৰাৰ পাছত দেশৰ বিভিন্ন নেতাই তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছে।

ৰাষ্ট্ৰপতি ভৱনৰ পৰাও উদ্বেগৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিয়া হৈছে।

উল্লেখ্য যে কেইদিনমান পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে কৰ’না ভেকচিনৰ প্ৰথমটো ড’জ গ্ৰহণ কৰিছিল।