NORTHEAST NOW (Assamese)
অসম

গ্ৰেট মেনেজমাষ্টাৰ পৰমা! ছিপাঝাৰত পূৰ্বৰ পত্নীয়ে আনন্দ হৰিলে পৰমানন্দৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 26, 2021 4:54 pm
parama and queen

ছিপাঝাৰৰ বিজেপিৰ প্ৰাৰ্থী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী এজন গ্ৰেট মেনেজ মাষ্টাৰ। এই অভিযোগ আমাৰ নহয়, পৰমাৰ প্ৰথমা পত্নী কন্ঠশিল্পী কুইন দাসে আনিছে এই গুৰুতৰ অভিযোগ। এতিয়া যেন পত্নীৰ সেই বিস্ফোৰক অভিযোগে ছিপাঝাৰত আনন্দ হৰিছে পৰমানন্দ ৰাজবংশীৰ।

দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণলৈ মাজত কেইটামান দিন বাকী থকা সময়তে ছিপাঝাৰত পৰমাৰ প্ৰথমা পত্নীয়ে তেওঁৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ তোলে।

সংবাদ মাধ্যমৰ আগত কুইন দাসে কয়, ‘পৰমানন্দ এজন গ্ৰেট মেনেজমাষ্টাৰ। মই প্ৰথম পত্নী থকাৰ পাছত দ্বিতীয় পত্নী আনিব নোৱাৰে, কিন্তু তেওঁ ভাল মেনেজ কৰে।‘

ইপিনে, পৰমানন্দ ৰাজবংশীয়ে অসম সাহিত্য সভাক ধ্বংস কৰি অহা বুলি দাবী কৰে তেওঁৰ প্ৰথমা পত্নীয়ে।

তেওঁ কয়, ‘সাহিত্য সভাৰ সভাপতি হৈ গোটেইখন শেষ কৰি থৈ আহিছে। সাহিত্য সভাক বেপেৰুৱা কৰি থৈ আহিছে। এতিয়া তেওঁ ৰাইজৰ প্ৰতিনিধি হ’বলৈ আহিছে সেয়াটো মেনেজ কৰিয়েই আহিছে। বিজেপিত প্ৰাৰ্থী দিবলৈ তেনেকুৱা কোনো ব্যক্তি নাছিল নেকি?’

‘তেওঁৰ মুখৰ কথাৰ ঠিক নাই। তেওঁ নিজৰ বাদে বেলেগৰ একো বুজি নাপায়। নিজৰ স্বাৰ্থৰ বাদে তেওঁ একো বুজি নাপায়। স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁ যেনে পৰ্য্যায়ত নামিব পাৰে তালৈ নামিব পাৰে। সেই বিচাৰ ৰাইজে কৰিব।‘ ছিপাঝাৰৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি দাবী কৰি পৰমাৰ প্ৰথমা পত্নীয়ে এইদৰে কয়।

আনহাতে, পৰমানন্দ ৰাজবংশীয়ে কুইন দাসক প্ৰাপ্তি লাভৰ ক্ষেত্ৰত পিছ হুহুকা দি আদালতলৈ দুবছৰে দৌৰাই আছে বুলি দাবী কৰে।

‘মোক তেওঁ এতিয়াও আদালতলৈ দৌৰাই আছে। ৬ মাহৰ ভিতৰত মোৰ প্ৰাপ্তি দিয়াৰ কথা কৈছিল কিন্তু আজি দুবছৰে কেৱল চোচৰাই আছে।‘ কুইন দাসে এইদৰে কয়।

ইপিনে, ‘ৰাইজে বিচাৰ কৰক এজনী ঘৈনী আৰু ছোৱালীক যদি প্ৰতাৰণা কৰিব পাৰে ৰাইজক তেওঁ কি কৰিব নোৱাৰিব?’ বুলি প্ৰশ্ন কৰি কুইনে লগতে কয়, ‘সুখৰ সংসাৰ কৰিম বুলি বিয়া কৰাই আনি যিজন মানুহে নিজৰ ঘৰ-সংসাৰ চম্ভালিব নোৱাৰিলে তেওঁ কি ৰাইজৰ সেৱা কৰিব?’