NORTHEAST NOW (Assamese)
অসম

আহি গ’ল ‘ন’জ অনলি মাস্ক’! পিন্ধি থাকিয়েই খাব পৰা যাব খাদ্যও

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 26, 2021 7:56 pm
Nose only mask

কৰ’না ভাইৰাছৰ পৰা সুৰক্ষা পাবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে মাস্কৰ ব্যৱহাৰ। কিন্তু এই মাস্ক পৰিধান কৰি বহুতেই অসুবিধাৰ সন্মুখীন হয়।

কাণৰ বিষকে ধৰি মুখত দাগ পৰি যোৱাৰ দৰে ঘটনাও ঘটে। তদুপৰি, খোৱাৰ ক্ষেত্ৰত মাস্ক পৰিধানক লৈ সমস্যাই দেখা দিয়ে।

ইয়াৰ মাজতে এইবাৰ মেক্সিকোৰ গৱেষকে প্ৰস্তুত কৰি উলিয়াইছে এনে এবিধ মাস্ক যাক পৰিধান কৰি খোৱা-বোৱাতো কোনো অসুবিধা নহয়। মাস্কটোৱে কৰ’নাৰ পৰাও বহু পৰিমানে সুৰক্ষা দিব।

নতুনকৈ ওলোৱা এই মাস্কৰ নাম দিয়া হৈছে ‘ন’জ অনলি মাস্ক’। অৱশ্যে, এই মাস্কে কৰ’নাৰ পৰা কিমান সুৰক্ষা দিব তাক লৈ প্ৰশ্ন উঠিছে।

বিশেষজ্ঞসকলে কৈছে যে নাকটো এইক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে, নাক সকো সময়তে ঢাকি ৰখা উচিত।

নতুনকৈ অহা এই মাস্ককলৈ ছচিয়েল মিডিয়াত বিভিন্ন চৰ্চাৰ সূত্ৰপাত ঘটিছে। কোনোৱে ইয়াক জোকাৰৰ মাস্ক বুলি কৈছে যদি আন কোনোৱে ইয়াৰ ‘লুক’ক লৈও কটাক্ষ কৰিবলৈ এৰা নাই।