NORTHEAST NOW (Assamese)
অসম

ডিমৌ আদৰ্শ চিকিৎসালয়ৰ কৃতিত্ব

Posted by: হিতোজ্বল চেতিয়া December 1, 2017 5:34 pm

প্ৰসূতিৰ চিজাৰিয়ান অপাৰেইশ্যনৰ ক্ষেত্ৰত শিৱসাগৰ জিলাৰ ভিতৰতে শ্ৰেষ্ঠ স্থান পাইছে ডিমৌ আদৰ্শ চিকিৎসালয়ে। চিকিৎসালয়খনৰ চিকিৎসক-নাৰ্ছ-কৰ্মচাৰীকে ধৰি  ডিমৌবাসীক গৌৰৱিত কৰা এই সুখবৰটো যোৱা ২৯ নৱেম্বৰত ঘোষণা কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰে। ডাঃ সুৰজিত গিৰি আৰু ডাঃ সীমান্তজ্যোতি টায়েৰ নেতৃত্বৰ প্ৰসূতি চিকিৎসাৰ দলটোৰ দৃষ্টান্তমূলক ভূমিকাৰ বাবেই চিকিৎসালয়খনে এই সন্মান অৰ্জন কৰিব পাৰিছে বুলি কয় স্থানীয় ৰাইজে। এই সৰু গোটটোৱে যোৱা নৱেম্বৰ মাহত অভিলেখ সৃষ্টি কৰি সম্পন্ন কৰে ৬৫টা সফল চিজাৰিয়ান অপাৰেইশ্যন।