NORTHEAST NOW (Assamese)
অসম

মণিপুৰত সৰু আইত আক্ৰান্ত দুটি শিশুৰ মৃত্যু

Posted by: এন ই নাও নিউজ March 22, 2018 6:21 pm
R-i-570x320

মণিপুৰত সৰু আই ৰোগত আক্ৰান্ত হৈ দুটি জনজাতীয় শিশুৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালক কে ৰাজুৱে এই কথা প্ৰকাশ কৰিছে। সংবাদ সংস্থাৰ বাতৰি অনুসৰি আন পঞ্চাশটিতকৈয়ো অধিক শিশু এই ৰোগত আক্ৰান্ত হৈছে।

বিষয়াগৰাকীয়ে জনাইছে যে এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ ঘটা ৰাজ্যখনৰ টামেঙলং জিলাৰ ফ’কলং গাঁৱৰ শিশুসকল ৰোগবিধত আক্ৰান্ত হৈছে। সঞ্চালকগৰাকীয়ে লগতে কয় যে চিকিৎসা সেৱাৰ ১২ জনীয়া এটা দল ঔষধ-পাতিৰে সৈতে গাঁৱখনত গৈ উপস্থিত হৈছে।

‘’এই ৰোগবিধ প্ৰতিৰোধৰ বাবে আক্ৰান্ত নোহোৱা শিশুসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব। তদুপৰি, ইতিমধ্যে ৰোগবিধত আক্ৰান্ত হোৱা শিশুসকলৰ উপযুক্ত যতন লোৱা হ’ব,’’-ৰাজুৱে কয়।

গাওঁবাসীয়ে অভিযোগ কৰে যে জিলাখনৰ স্বাস্থ্য বিষয়াসকলে জনজাতীয় শিশুসকলক আগতীয়াকৈ প্ৰতিষেধক টীকা দিয়া নাছিল।

সঞ্চালকগৰাকীয়ে কয় যে ৰাজ্যখনৰ আন অঞ্চলবোৰতো প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণৰ বাবে স্বাস্থ্য বিষয়া আৰু সহযোগী চিকিৎসা কৰ্মীসকলে তৎপৰ হৈ পৰিছে।