NORTHEAST NOW (Assamese)
অসম

জনপ্ৰিয় ক্ৰীড়া সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু; শোকস্তব্ধ সংবাদ জগত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 29, 2021 9:53 am
purbajyoti Chutia 1

জনপ্ৰিয় ক্ৰীড়া সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছে।

নিজ ঘৰৰ সন্মুখতে উদ্ধাৰ হৈছে চুতীয়াৰ মৃতদেহ। হাতীগাঁও শেৱালি পথৰ বাসিন্দা আছিল সাংবাদিক চুতীয়া।

তেজেৰে লুতুৰী পুতুৰী হৈ থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। অৱশ্যে অস্ত্ৰৰ আঘাতৰ চিন নাই বুলি দাবী কৰিছে হাতীগাঁও আৰক্ষীয়ে।

পুৱা প্ৰায় ৭ বজাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি ঘৰৰ তললৈ মাজনিশা পানীৰ মটৰৰ চুইছ দিবলৈ নামি আহিছিল চুতীয়া। তাৰ পাছতে সন্ধানহীন হৈ আছিল চুতীয়া।

পাছত ঘৰৰ সন্মুখৰ নলাত প্ৰত্যক্ষ কৰে তেওঁৰ মৃতদেহ।

পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ কৰে। আৰক্ষীয়ে প্ৰাথমিক তদন্তত আঁঠুত চোঁচৰা দাগ প্ৰত্যক্ষ কৰিছে।

ৰাজ্যখনৰ এগৰাকী জনপ্ৰিয় ক্ৰীড়া সাংবাদিক পূৰ্বজ্যোতি চুতীয়া বৰ্তমান গুৱাহাটীৰ পৰা প্ৰকাশিত নিয়মীয়া বাৰ্তাৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল।

জনপ্ৰিয় সাংবাদিক গৰাকীৰ এনে আকস্মিক ৰহস্যজনক মৃত্যুত ৰাজ্যখনৰ সংবাদ জগতত শোকৰ ছাঁ পৰিছে।