NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰেই এতিয়া ‘চৰকাৰ’; এন চি টি বিলত স্বাক্ষৰ ৰাষ্ট্ৰপতিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 29, 2021 11:06 am
kovind

দেশৰ ৰাজধানী দিল্লীত নিৰ্বাচিত চৰকাৰৰ ক্ষমতা খৰ্ব হ’ল। এন চি টি বিলত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰেই আনুষ্ঠানিকভাৱে এতিয়া ‘চৰকাৰ’ হৈ পৰিল। আনহাতে, কেজৰিৱালে কোনো সিদ্ধান্ত এককভাৱে আৰু ল’ব নোৱাৰিব। সকলো ক্ষেত্ৰতে তেওঁ লেফটেনেন্ট গৱৰ্ণৰৰ সৈতে পৰামৰ্শ কৰিব লাগিব।

এন চি টি বিলে দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰক অধিক শক্তিশালী কৰি তুলিলে। সেইদৰে ৰাজ্য পৰিচালনাৰ ক্ষেত্ৰত এতিয়া তেওঁৰ কথাই চূড়ান্ত হ’ব।

যোৱা ২২মাৰ্চত লোকসভাত আৰু ২৪ মাৰ্চত ৰাজ্যসভাত নেশ্যনেল কেপিটেল টেৰিটৰী অফ দিল্লী (সংশোধনী) বিধেয়ক,২০২১ (এন চি টি) গৃহীত হয়।

ৰাজ্যসভাত বিৰোধী পক্ষই এই বিধেয়ক গৃহীত হোৱাৰ সময়ত প্ৰতিবাদ কৰি সদনৰ পৰা ওলাই গৈছিল।

দিল্লীৰ আম আদমী পাৰ্টিৰ চৰকাৰেও কেন্দ্ৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি কৈছে যে ইয়াৰ দ্বাৰা দিল্লীৰ বাসিন্দাসকলৰ জনমতক উপেক্ষা কৰা হৈছে।

দিল্লীৰ চৰকাৰৰ এয়া এক অগণতান্ত্ৰিক সিদ্ধান্ত বুলিও কটাক্ষ কৰিছে। এইক্ষেত্ৰত বিৰোধী দলসমূহৰ মতামতক কোনো গুৰুত্ব দিয়া নাই কেন্দ্ৰৰ মোদী চৰকাৰে।

সংসদৰ দুয়োখন সদনতে এন চি টি বিল,২০২১ গৃহীত কৰাৰ পাছত দেওবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ ওচৰলৈ পঠোৱা হৈছিল। ৰাষ্ট্ৰপতিয়ে এই বিধেয়কত সন্মতি প্ৰদান কৰিছে।