NORTHEAST NOW (Assamese)
অসম

২০২০ত এমাহতকৈয়ো অধিক কাল পৃথিৱীত কটাব দেৱী দুৰ্গাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 4, 2019 8:13 pm
Durga Puja 2020 to continue for more than one month

দুৰ্গা পূজা উদযাপিত হোৱা পৃথিৱীৰ যিকোনো স্থানতেই ২০২০ চনত এমাহতকৈয়ো অধিক দিন ধৰি চলিব দেৱী আৰাধনা।

কাৰণ, অহা বছৰ মহালয়াৰ দিন ১৭ ছেপ্তেম্বৰ হোৱাৰ বিপৰীতে মহাষষ্ঠীৰ দিন পৰিছে ২২ অক্তোবৰত।

অহা বছৰৰ আহিন মাহটোত দুটা অমাৱস্যা থকাৰ বাবে, পৰম্পৰা অনুসৰি সেই মাহত কোনো পৱিত্ৰ কাৰ্য্য সম্পন্ন কৰিব নোৱাৰি।

দুটা নতুন জোনে আহিন মাহ অপৱিত্ৰ কৰি তোলাৰ ফলত কাতি মাহতহে অহাবাৰ দুৰ্গা পূজা উদযাপিত হ’ব।

সাধাৰণতে মহালয়া আৰু মহাষষ্ঠীৰ মাজত ছদিনৰ ব্যৱধান থাকে।

বিশুদ্ধসিদ্ধান্ত আৰু সূৰ্য্যসিদ্ধান্ত দুয়োবিধ পঞ্জিকাই এই ক্ষেত্ৰত একেমত প্ৰকাশ কৰিছে।

পণ্ডিতসকলৰ মতে, অহা বছৰ মহালয়া আহিনৰ প্ৰথমটো দিন অৰ্থাৎ ১৭ ছেপ্তেম্বৰৰ পুৱা অনুষ্ঠিত হ’ব।

কিন্তু দ্বিতীয় ন-জোন ওলাব আহিনৰ ২৯ তাৰিখে অৰ্থাৎ ২০২০ চনৰ ১৬ অক্তোবৰত।

২০০১ আৰু ১৯৮২ চনৰ পিছত অহা বছৰ পুনৰবাৰ এই অগতানুগতিক ঘটনা ঘটিবলৈ ওলাইছে।