NORTHEAST NOW (Assamese)
Popular Stories

শস্যৰ দ’মত অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছটি শিশুৰ, আন দুটি নিখোজ; ক’ত সংঘটিত হ’ল এই অগ্নিকাণ্ড?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 30, 2021 7:40 pm
index.jpg

ছয়টিকৈ শিশু অগ্নিদগ্ধ হৈ মৃত্যু হৈছে বিহাৰৰ আৰাৰিয়া জিলাত।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বিহাৰৰ আৰাৰিয়া জিলাৰ পলাশী আৰক্ষী থানাৰ অন্তৰ্গত কাৰৱাই গাঁৱত সংঘটিত এক অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰিছে এই ছয়টি শিশু।

ঘটনাৰ বিৱৰণীৰ মতে ইকৰাৰে আগুৰি ৰখা এটা শস্যৰ দ’মত জুইৰ সূত্ৰপাত ঘটি অগ্নিকাণ্ডটো সংঘটিত হৈছে।

শস্যৰ উক্ত দ’মটোৰ কাষতে আঠটি শিশুৱে খেলি থকা অৱস্থাত হঠাতে অগ্নিকাণ্ড সংঘটিত হয় আৰু তাৰে ছয়টি শিশু অগ্নিদগ্ধ হৈ মৃত্যু হৈছে।

অগ্নিদগ্ধ শিশুকেইটি মহম্মদ আশ্ৰফ, আলী হাছান, খুচ নিহাৰ, গুলনাজ আৰু বুৰ্কাছ আলী বুলি চিনাক্ত কৰা হৈছে। আটাইকেইটি শিশুৰে বয়স ৩ৰ পৰা ৬ বছৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শিশু ছটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষী সূত্ৰৰ উদ্ধৃতিৰে সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বাকী দুটি শিশু নিখোজ হৈ আছে।

অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত পৰিয়ালটোৰ সকলো জ্যেষ্ঠ সদস্যই পথাৰৰ ঘেঁহুৰ খেতিত ব্যস্ত আছিল বুলি জানিব পৰা গৈছে।