NORTHEAST NOW (Assamese)
Popular Stories

বলিউদ ড্ৰাগছ কাণ্ড : এইবাৰ মুম্বাইৰ গৃহৰ পৰা বলিউদ অভিনেতাক গ্ৰেপ্তাৰ NCBৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2021 12:25 pm
index.jpg

বলিউদ ড্ৰাগছ কাণ্ডত জড়িত থকাৰ অভিযোগত নাক’টিকছ কণ্ট্ৰ’ল ব্যু(NCB)এ বুধবাৰে গ্ৰেপ্তাৰ কৰিছে বলিউদৰ আন এগৰাকী অভিনেতাক।

অভিনেতা তথা কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব’ বিগ ব’ছৰ প্ৰাক্তন প্ৰতিদ্বন্দ্বী আইজাজ খানক NCBএ মুম্বাইৰ নিজা বাসগৃহৰ পৰা বুধবাৰে পুৱা ভাগত গ্ৰেপ্তাৰ কৰে।

মংগলবাৰে ৰাজস্থানৰ পৰা বিমানেৰে মুম্বাইৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে NCBএ অভিনেতাগৰাকীক আটক কৰি নিজৰ জিম্মাত লৈছিল।

তদন্তকাৰী সংস্থাটোৰ মতে অভিনেতাগৰাকীৰ মুম্বাইৰ আন্ধ্ৰেৰী আৰু ল’খান্দৱালা এলেকাত থকা বাসগৃহত তালাচী চলাই আলপ্ৰাজ’লাম টেবলেট উদ্ধাৰ কৰাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

NCBৰ মতে ড্ৰাগছ ব্যৱসায়ী শ্বাদব ফাৰুক শ্বেইখ ভাটাটাৰ ছিণ্ডিকেটৰ সৈতেও জড়িত আছে আইজাজ খান।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে ২ কিলোগ্ৰাম নিষিদ্ধ মেফেড্ৰ’নসহ শ্বেইখক NCBএ গ্ৰেপ্তাৰ কৰিছিল।

শ্বেইখৰ স্বীকাৰোক্তিৰ ভিত্তিতে তদন্তকাৰী সংস্থাটোৱে খানক মুম্বাইৰ কাৰ্যালয়লৈ নি জেৰা আৰম্ভ কৰিছিল।

ইফালে সাংবাদিকৰ আগত অভিনেতা খানে দাবী কৰে তেওঁক গ্ৰেপ্তাৰ কৰা নাছিল, তেওঁ স্বেচ্ছাই NCBৰ বিষয়াসকলক সাক্ষাৎ কৰিবলৈ আহিছিল।

অভিনেগৰাকীয়ে তেওঁৰ গৃহত উদ্ধাৰ হোৱা নিচাজাতীয় টেবলেটবোৰ তেওঁ পত্নীয়ে মাসনিক অৱসাদত ভুগি থকাৰ বাবে গ্ৰহণ কৰি অহা বুলি দাবী কৰিছে।

উল্লেখ্য যে বলিউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছতে বলিউদৰ বৃহৎ ড্ৰাগছ ৰেকটখন পোহৰলৈ আহে আৰু যোৱা এবছৰে NCBএ ইয়াৰ তদন্ত অব্যাহত ৰাখি বলিউদৰ বহু তাৰকাক জেৰা কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে।