NORTHEAST NOW (Assamese)
Popular Stories

ছোৱালীক কিদৰে ‘পতাব’ পাৰি? অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত শ্বাহৰুখ খানে কি ক’লে, চাওক!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2021 7:24 pm

বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানক টুইটাৰত প্ৰায়ে তেওঁৰ অনুৰাগীসকলৰ স’তে ভাৱ বিনিময়ত মিলিত হোৱা দেখা যায়।

বুধবাৰে, শ্বাহৰুখক অনুৰাগীসকলে বিভিন্ন প্ৰশ্ন সোধে।

ইয়াৰ ভিতৰত অন্যতম আছিল তেওঁৰ পত্নী গৌৰী খানে শ্বাহৰুখৰ কিহত ভাল পায়।

প্ৰত্যুত্তৰ দিবলৈ গৈ শ্বাহৰুখে তেওঁৰ ভাল গুণসমূহৰ তালিকা দাঙি ধৰে।

”মই ৰান্ধো, চাফাকৈ থাকো আৰু কেঁচুৱা চোৱাচিতা কৰে। আৰু মই অনুমান কৰো বহুত বেছি হেণ্ডছাম বাবেও।”- শ্বাহৰুখে কয়।

আন এজনে শ্বাহৰুখক ছোৱালীবিলাকলৈ উপদেশ দিবলৈ অনুৰোধ কৰো।

মূলতঃ ছোৱালীয়ে তেওঁলোকৰ সৌন্দৰ্যৰ প্ৰতি থকা অসুৰক্ষিত মনোভাৱক কেনেদৰে উধাব পাৰিব, সেই লৈ শ্বাহৰুখক প্ৰশ্নটো সোধা হয়।

”সকলো ছোৱালীৰে আন এজনীতকৈ বেলেগ ধৰণৰ সৌন্দৰ্য থাকে। তুলনা নকৰিবা… আৰু মনত ৰাখিবা যে তুমি অনন্যা।”- শ্বাহৰুখে এনেদৰে কয়।

আনহাতে এজন অনুৰাগীয়ে কিদৰে ছোৱালীক ‘পতানা’ কৰিব পাৰি অৰ্থাৎ প্ৰেমত পেলাব পাৰি, সেই বিষয়ে সোধে।

ইয়াৰ উত্তৰত অভিনেতাজনে অনুৰাগীজনক কঠিনভাৱে উত্তৰ দিয়ে।

”এজনী ছোৱালীৰ বাবে ‘পতানা’ শব্দ ব্যৱহাৰ কৰি আৰম্ভ নকৰিবা। শ্ৰদ্ধা আৰু বিনয়েৰে চেষ্টা কৰা।”- শ্বাহৰুখে কয়।

আন এজনে সোধে যে তেওঁৰ সন্তানৰ বাবে তেওঁ কেনেধৰণৰ পিতৃ?

”শিশুবিলাকক সাৱটি ধৰিবৰ বাবে আৰু মৰম কৰিবৰ বাবে উৎপাদন কৰা হয়।”- শ্বাহৰুখে প্ৰত্যুত্তৰ দিয়ে।