NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনৰ মাজতে দুঃখবৰ : অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 1, 2021 7:18 am
index.jpga

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যু হৈছে।

দুলু গগৈ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত ব্যক্তিগত খণ্ডৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল।

চিকিৎসকে ঘোষণা কৰা অনুসৰি যোৱা নিশা ১০.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে লুৰীণজ্যোতি গগৈৰ মাতৃয়ে।

হঠাতে ব্ৰেইন ষ্ট্ৰ’ক হোৱাৰ বাবে ততাতৈয়াকৈ লুৰীণজ্যোতি গগৈৰ মাতৃক চচিকিৎসালয়ত ভৰ্তি কৰাৱা হৈছিল।

২৯ মাৰ্চত চিকিৎসালয়ত চিকৎসাৰ বাবে ভৰ্তি কৰোৱাৰ পিছত পুত্ৰ লুৰীণজ্যোতি গগৈয়ে মাতৃক দেখা কৰি পুনৰ কালি নামনি অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছিল।

উল্লেখ্য যে প্ৰাক্তন আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে দুলীয়াজান আৰু নাহৰকটীয়া বিধাসসভা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

অসম জাতীয় পৰিষদৰ একমাত্ৰ তাৰকা প্ৰচাৰক লুৰীণজ্যোতি গগৈৰ মাতৃৰ মৃত্যুত জাতীয় পৰিষদৰ নিৰ্বাচনীৰ প্ৰচাৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।

পুত্ৰৰ জয়ী হোৱাৰ আনন্দ লাভ কৰাৰ পূৰ্বে নিৰ্বাচনৰ মাজতে লুৰীণজ্যোতি গগৈৰ মাতৃৰ বিয়োগে তেওঁৰ অনুৰাগীসকলৰ লগতে ৰাজ্যৰ সতেচনত ৰাইজকো শোকস্তব্ধ কৰি তুলিছে।