NORTHEAST NOW (Assamese)
অসম

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত দিনৰ দুই বজালৈ ৪৮.২৬ শতাংশ ভোটদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 1, 2021 3:20 pm
Assam-Assembly-polls-voting-750x375

ৰাজ্যৰ ৩৯ টা সমষ্টিত আজি পুৱাৰে পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।আজি দিনৰ ২ বজালৈ হোৱা ভোটদানৰ শতাংশ হাৰ হৈছে ৮৪.২৬ ।

এই সময়ছোৱাত লাহৰীঘাটত সৰ্বাধিক ৬০.৩০ শতাংশ আৰু বৈঠালংচ’ত সৰ্বনিম্ন ৩৫.৪0  শতাংশ ভোটদান হৈছে।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে আৰম্ভ হ’লেও বিভিন্ন স্থানত ইভিএমৰ বিসংগতিৰ খবৰ আহিছে।

ইফালে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰথম তিনি ঘণ্টাত ভোটদানৰ হাৰ আছিল ১৭.৮১ শতাংশ।

অৰ্থাৎ ১০ বজালৈকে ভোটদানৰ হাৰ ১৭.৮১ শতাংশলৈ বৃদ্ধি পাইছে।

প্ৰথম দুঘণ্টাত অৰ্থাৎ ৯ বজালৈ ভোটদানৰ হাৰ আছিল ১০.৫১ শতাংশ।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ২৯ টা সমষ্টিৰ ৩৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী কৰিব।