NORTHEAST NOW (Assamese)
অসম

‘অসন্মানী মন্ত্ৰী’ৰ দাদাগিৰি! পত্নী আইমীৰ ভিডিঅ’ক লৈ সাংবাদিকক ফোনযোগে ভাবুকি পীযুষ হাজৰিকাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 1, 2021 3:23 pm
Untitled-7-14

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীষপুষ্ট তথা পৃষ্ঠপোষকতাত বহু সময়ত উদ্ভণ্ডালি কৰি অহা মন্ত্ৰী পিযুষ হাজৰিকাই এইবাৰ সাংবাদিকক দিলে ঘৰৰ পৰা চোঁচৰাই অনাৰ ভাবুকি।

মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱাৰ ‘কা’ক লৈ কৰা এটা মন্তব্যই ৰাজ্যজুৰি তোলপাৰ লগাই থকাৰ মাজতে সেই ঘটনাক কেন্দ্ৰ কৰি জাগীৰোডৰ প্ৰতিদিন টাইমৰ সাংবাদিকৰ ওপৰত খৰ্গহস্ত হৈ পৰে মন্ত্ৰী পীযুষ হাজৰিকা।

ফোনযোগে নজৰুল নামৰ সাংবাদিকগৰাকীক এটাৰ পাছত আন এটা ভাবুকি দি গ’ল মন্ত্ৰীগৰাকীয়ে। আনকি ইমানখিনি ধমক দিয়াৰ পাছত এগৰাকী সন্মানীয় মন্ত্ৰী বুলি সাংবাদিকে সোঁৱৰাই দিয়াত তেওঁ নিজকে ‘অসন্মানীয় মন্ত্ৰী’ বুলি স্বীকাৰ কৰে।

ইপিনে, দুগৰাকী সাংবাদিকে মিঞা পলিটিক্স কৰা বা নিৰপেক্ষ সাংবাদিকক আজমল পাৰ্টীৰ সজাই ঘৰৰ পৰা ৰাস্তালৈ চোঁচৰাই অনাৰ ভাবুকি দিয়াৰ লগতে এই পাঁচবছৰ শাসনকালত তেওঁলোকৰ শান্তি নোহোৱা কৰিব বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই ধমক দিয়ে।

পীযুষে ধমক দি ফোনযোগে কয়, ‘তোমালোক আজমল পাৰ্টী, মই নহয়। মোক তোমালোকে কি কৰিব চেষ্টা কৰি আছা মই দেখি আছো। মিছাকৈ এজনী বোৱাৰী ছোৱালী মানুহক যিটো কষ্ট দিছা। তুলসীকো কৈ দিবা, মই জিনা হাৰাম কৰি দিম।‘

‘তুমি আৰু তুলসীক কৈ দিয়া আজিৰে পৰা সাৱধান হৈ যাবলৈ। তুলসী আৰু তোমাক মই চোঁচৰাই ৰাস্তাত আনিম। তোমাক আৰু তুলসীক প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে।‘ মন্ত্ৰী পীযুষৰ ধমক।

ইপিনে, পত্নীৰ ভিডিঅ’ ভাইৰেলক লৈ অসন্তুষ্ট পীযুষে পুনৰ ধমক দি কয়, ‘কি পৰ্য্যায়লৈ তোমালোকৰ লগত যাম চাবা। (অশালীন শব্দ প্ৰয়োগ কৰি) নজৰুল মিঞা পলিটিক্স মোৰ লগত নকৰিবা….. তোমাক আৰু তুলসীক এই পাঁচবছৰত শিকাই দিম। মই পীযুষ হাজৰিকা কি হয় শিকাই দিম। আজি নিৰ্বাচন শেষ নহয়, তোমালোকক শিকাই দিম। তোমালোকক মই NO Where কৰি দিম। মোৰ লগত যুঁজিবলৈ ইমান সহজ নহয়, মই বহুত ওপৰৰ মাল।‘

তেওঁ ধমক দি আৰু সাংবাদিকক মিঞা বুলি অপমান কৰি কয়, ‘মোক লৈ নিউজ কৰাহেঁতেনো ইমান কষ্ট নাপালো হয়, আইমীক লৈ কৰা কাৰণে মই ইমান কষ্ট পাই আছো নহয়। তুমি যিটো নিউজ কৰিছা তোমাৰ ঠেং ভাঙি দিম। তুমি মিঞা হৈ ইমানখিনি কৰিছা মোৰ লগত।‘

ইপিনে, সাংবাদিকৰ কল ৰেকৰ্ডিং কৰাৰ পাছতো কেৰেপ নকৰে পীযুষ হাজৰিকাই।

তেওঁ কয়, ‘তুমি মোৰ কথাখিনি ৰেকৰ্ডিং কৰা মই কৈ আছো। তুমি ৰেকৰ্ডিং কৰি বজালে অসমত মই শক্তিশালী হ’ম।‘

আনহাতে, ইমানখিনি ধমক খোৱাৰ পাছত সাংবাদিকৰ প্ৰশ্ন ‘আপুনি এজন সন্মানীয় মন্ত্ৰী হৈ কিয় এনেকৈ কৈ আছে?

মন্ত্ৰী পীযুষৰ উত্তৰ ‘মই সন্মানীয় মন্ত্ৰী নহয়, অসন্মানীয় মন্ত্ৰী। তোমাৰ পৰা মোৰ চাৰ্টিফিকেট নালাগে।‘

ইপিনে, সাংবাদিক গৰাকী উক্ত সভাখনলৈ যোৱা নাই আৰু বাতৰিটো তেওঁ পৰিৱেশন কৰা নাই বুলি বাৰেপতি পীযুষ হাজৰিকাক কৈছিল যদিও সেই কথা মানি নলৈ এফালৰ পৰা গালি-গালাজ কৰি যায় পীযুষে।

ইপিনে, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ৰাজ্যিক সহঃ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই মন্ত্ৰী পীযুষ হাজৰিকাৰ সাংবাদিকক দিয়া এনে ভাবুকিক তীব্ৰ নিন্দা কৰাৰ লগতে নিৰ্বাচন আয়োগ তথা প্ৰশাসনক মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।