NORTHEAST NOW (Assamese)
অসম

“বিজেপিয়ে হিন্দুকো ভাল নাপায় মুছলমানকো ভাল নাপায়, কেবল ক্ষমতাহে লাগে”: মনীষ তিৱাৰী

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা April 1, 2021 3:50 pm
WhatsApp Image 2021-04-01 at 2.20.07 PM

দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাই ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনীষ তিৱাৰীয়ে বিজেপিৰ অপশাসনৰ অভিযোগ তুলি এক সংবাদমেল সম্বোধন কৰে।

উক্ত সংবাদমেলতে ‘বিজেপিয়ে হিন্দুকো ভাল নাপায় মুছলমানকো ভাল নাপায়’ বুলি দাবী কৰি মনীষ তিৱাৰীয়ে লগতে কয়, ‘তেওঁলোকে কেৱল ক্ষমতা বা শাসনহে পছন্দ কৰে।‘

ইপিনে, বিজেপিয়ে অসমত ক্ষমতাত আহিলে জাতিধ্বংসী কা বলবৎ কৰিব যাৰ ফলত অসমবাসী ৰাইজত জীয়াতু ভোগাব বুলি দাবী কৰে তিৱাৰীয়ে।

তেওঁ আৰু কয়, ‘কংগ্ৰেছ শাসন কালত যেনেকৈ দৰিদ্ৰ লোকক দৰিদ্ৰ সীমা ৰেখাৰ পৰা ওপৰলৈ অনা হৈছিল সেই সকলোবোৰ শেষ কৰি বিজেপিৰ ৭ বছৰৰ শাসন কালত ২৭ কোটি জনতা দৰিদ্ৰ সীমা ৰেখাৰ তলত পৰিলগৈ।‘