NORTHEAST NOW (Assamese)
অসম

শক্তি! দেশতেই ভাৰতীয় সেনাৰ বাবে সাজি উলিওৱা হৈছে কম ওজনৰ বুলেটপ্ৰুফ জেকেট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2021 10:53 am
Bullet proof Jacket by DRDO

দেশতে নিৰ্মিত এক বিশেষ বুলেটপ্ৰুফ জেকেট আগবঢ়োৱা হ’ব ভাৰতীয় সেনাক। কানপুৰৰ ডিফেন্স মেটেৰিয়েল এণ্ড ষ্ট’ৰ্ছ ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্ট এষ্টাব্লিছমেন্ট আৰু ডি আৰ ডি অ’ৰ যৌথ উদ্যোগত সাজি উলিওৱা হৈছে এই জেকেট।

অতি শীঘ্ৰেই ভাৰতীয় জোৱানসকলে ৯কেজি ওজনৰ সাজি উলিওৱা এই জেকেট লাভ কৰিব।

ডিআৰডিঅ’ই জানিবলৈ দিছে যে এইটো কম ওজনৰ এটা বিশেষ জেকেট। ফ্ৰন্ট হাৰ্ড আৰ্মাৰ পেনেল জেকেটটো টাৰ্মিনেল বেলেষ্টিক ৰিচাৰ্ছ লেবৰটেৰীত পৰীক্ষা কৰা হৈছে।

মধ্যমীয়া আকৃতিৰ এটা পেনেল জেকেটৰ ওজন ৯কেজিৰ পৰা ১০.৪কেজিৰ বিতৰত হ’ব বুলি কোৱা হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ২০২০চনতে চিআৰপিএফৰ বাবে বিশেষ জেকেটৰ অৰ্ডাৰ দিছিল। পাতল ওজনৰ বুলেটপ্ৰুফ জেকেটৰ অনুমোদন দিয়া হৈছিল।

অৰ্দ্ধ সামৰিক বাহিনীলৈ ৪২হাজাৰ এনে জেকেট আহিব বুলি কোৱা হৈছে। ইয়াৰ দ্বাৰা অৰ্দ্ধ সামৰিক বাহিনীক আধুনিকীকৰণৰ ক্ষেত্ৰত আৰু এখোপ আগবাঢ়িল।

এই জেকেটসমূহে পুৰণি জেকেটসমূহৰ তুলনাত বিশেষ সুৰক্ষা দিব বুলি ধাৰণা কৰা হৈছে। কেবল বুকুৱেই নহয়, জেকেটটোৰ এটা অংশই ডিঙি বা কান্ধকো আৱৰি থাকিব। জেকেটটো পূৰ্বৰ জেকেটৰ তুলনাত আকৃতিত ডাঙৰ বুলি কোৱা হৈছে।

ভাৰতীয় সেনাৰ বাবে প্ৰস্তুত কৰা এই বিশেষ জেকেটত এবিধ তৰল পদাৰ্থ থাকিব যিয়ে শৰীৰকবাহিৰৰ তাপমাত্ৰাৰ পৰা ৰক্ষা কৰিব। অতিপাত গৰমতো শৰীৰ ঠাণ্ডা কৰি ৰাখিব। এই বিশেষ জেকেটটোৰ নাম ৰখা হৈছে শক্তি।

পুৰণি জেকেটবোৰৰ ওজন ১০ কেজিৰো অধিক আছিল। তাতকৈ ৪০ শাতংশ পাতল হ’ব নতুন জেকেটসমূহ।