NORTHEAST NOW (Assamese)
Popular Stories

স্বামী ৰবাৰ্ট ক’ৰ’ণাত আক্ৰান্ত : অসমসহ তিনি ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ বাতিল ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2021 3:18 pm
Robert-Vadra-1280x720

কংগ্ৰেছ নেত্ৰী তথা কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট বদ্ৰা কোভিড১৯ত আক্ৰান্ত হৈছে।

দেশৰ বিশিষ্ট উদ্যোগপতিগৰাকীয়ে নিজৰ ফেইচবুক ৱালত কোভিড১৯ত আক্ৰান্ত হোৱাৰ কথা ঘোষণা কৰিছে।

স্বামী ৰবাৰ্ট বদ্ৰা কোভিড১৯ত আক্ৰান্ত হোৱাৰ পিছতে কংগ্ৰেছ নেত্ৰী তথা ষ্টাৰ কেম্পেইনাৰ প্ৰিয়ংকা গান্ধীয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ সূচী বাতিল কৰিছে।

উল্লেখ্য যে আজিৰ পৰা অহা তিনি দিনলৈ অসম, তামিলনাডু আৰু কেৰলাত নিৰ্বাচনী প্ৰচাৰ সূচী আছিল কংগ্ৰেছৰ ষ্টাৰ কেম্পেই:আৰগৰাকীৰ।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি প্ৰিয়ংকা গান্ধীয়ে কোভিড গাইডলাইন অনুসৰি চেল্ফ-আইচ’লেশ্যনত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। স্বামী ৰবাৰ্ট বদ্ৰা কোভিড নিগেটিভ নোহোৱালৈকে প্ৰিয়ংকা গান্ধীয়ে চেল্ফ-আইচ’লেশ্যনত থাকিব।

ইফালে টুইটাৰৰ এটা ভিডিঅ’ত প্ৰিয়ংকা গান্ধীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি শুকুৰবাৰে অসম, শনিবাৰে তামিলনাডু আৰু দেওবাৰে কেৰলাৰ নিৰ্বাচনী প্ৰচাৰ সূচী বাতিল কৰা বুলি জনাইছে।

“মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো, যিহেতু মই তালৈ(নিৰ্বাচনী প্ৰচাৰ সভা) যাব নোৱাৰিম। মই সকলো প্ৰাৰ্থীক শুভেচ্ছা জনাইছো। মই তেওঁলোকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছিল। মই আশা কৰোঁ আপোনালোকে ভালদৰে সকলোবোৰ কৰিব আৰু কংগ্ৰেছ বিজয়ী হ’ব।” কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ভিডিঅ’টোত কয়।